গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীৰ নির্দেশ মর্মে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত ক’ভিড মহামাৰীৰ সময়ত ৰাইজৰ সেৱাত একনিষ্ঠভাৱে জড়িত চিকিৎসকসকলৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত ধাত্রীসকলক গাড়ী চলােৱাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ এক প্রশংসনীয় পদক্ষেপ গ্রহণ কৰিছে কামৰূপ মহানগৰ পৰিবহন বিভাগে। অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰী চিকিৎসক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু ধাত্রীসকলক লৈ প্রথমে হােন্দা চেফটি ড্রাইভিং এডুকেছ চেণ্টাৰৰ সহযােগিতাত পথ-সুৰক্ষা আৰু যানবাহন চলােৱাৰ বিধি সন্দৰ্ভত প্রাথমিক জ্ঞান প্রদানৰ এক কাৰ্যসূচী অনুষ্ঠিত হ’ব।
সেই অনুসৰি অহা ১১ আগষ্টৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্রতিদিনে ১০ গৰাকীকৈ চিকিৎসক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত ধাত্রীক যান-বাহনৰ যাৱতীয় জ্ঞান প্রদান কৰি থিতাতে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্র) গৌতম দাসে জানিবলৈ দিয়া মতে ইচ্ছুক আবেদনকাৰীসকলে অনুজ্ঞাপত্ৰৰ বাবে নিজৰ নাম-ঠিকনা , বয়সৰ প্রমাণপত্রসহ “Parivahan Sewa” portal অথবা “http// sarathi.parivahan.gov.in/sarathi service”ত অনলাইনযােগে আৱেদন কৰিব লাগিব। তদুপৰি অনলাইন আৱেদনৰ পিছত আৱেদনকাৰীসকলে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ৪৯ নম্বৰ কাউণ্টাৰত বয়স আৰু ঠিকনাৰ প্ৰমাণ-পত্র দাখিল কৰিব লাগিব।
লগতে পঢ়ক : ইতিহাস সৃষ্টিৰে অলিম্পিকত নিৰজ চোপ্ৰাৰ স্বৰ্ণজয়
পৰিবহণ বিষয়া গৌতম দাসে এই কথা উল্লেখ কৰে যে সাম্প্রতিক ক’ভিড মহামাৰীৰ সময়ছােৱাত দেশৰ সামগ্রিক পৰিস্থিতিৰ উন্নয়নত প্ৰতিগৰাকী চিকিৎসক, চিকিৎসাকর্মীৰে অৱদান অতুলনীয় আৰু উল্লেখযােগ্য। তেওঁলােকৰ অকৃপণ আৰু একনিষ্ঠ সেৱাৰ বাবেই আজি বহুলােক মৃত্যুৰ দুৱাৰদলিৰ পৰাও উভতি আহিব পাৰিছে। এনেক্ষেত্ৰত প্রয়ােজন সত্বেও সময়ৰ অভাৱত অনুজ্ঞাপত্ৰ লাভ কৰিব নােৱাৰা আগশাৰীৰ যযাদ্ধাসকলক থিতাতে এখন অনুজ্ঞাপত্ৰ দি সহায় কৰিব পাৰিলে আমি উপকৃত হ’ম বুলিও পৰিবহণ বিষয়াগৰাকীয়ে মন্তব্য কৰে।