যোৰহাট : পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ। পুনৰ অসম আৰক্ষীৰ গুলীত আহত অপৰাধী। এইবাৰ যোৰহাট আৰক্ষীৰ অপৰাধীক এনকাউন্টাৰ। যোৰহাট আৰক্ষীয়ে এনকাউন্টাৰ কৰিলে কুখ্যাত ড্ৰাগছ মাফিয়া পঁচাক।

যোৰহাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া পঁচা আহত হৈছে যোৰহাট আৰক্ষীৰ গুলীত। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে পঁচাক লক্ষ্য কৰি গুলী চালনা কৰে। আহত পঁচাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

কিছুদিন পূৰ্বে যোৰহাটত কুখ্যাত ড্ৰাগছ মাফিয়া পঁচাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে পঁচাক গ্ৰেপ্তাৰ কৰিছিল যদিও আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল পঁচা যোৰহাটৰ কুখ্যাত ড্ৰাগছ মাফিয়াজন।

লগতে পঢ়ক  : উন্মোচন হ’ল ড০ হাছিনুচ চুলতানৰ ‘কাৰ বাবে লিখিছোঁ কবিতা’ শীৰ্ষক গ্ৰন্থৰ

যোৰহাট আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈ পঁচা ধুবুৰীত এখন হোটেলত আত্মগোপন কৰি আছিল। যোৰহাট আৰক্ষীয়ে পুনৰবাৰ পঁচাক গ্ৰেপ্তাৰ কৰি যোৰহাটলৈ আনি থকা অৱস্থাত পঁচা পূবৰ আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply