ৰূপহীহাট : আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। এইবাৰ ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ যোৱা আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ আসক্ত চিকিৎসক। চিকিৎসকসহ মুঠ চাৰিজন ড্ৰাগছ আসক্ত যুৱক গ্ৰেপ্তাৰ।
ড্ৰাগছ মাফিয়া, ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ আসক্তৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান চলি থকাৰ মাজতে নগাঁও আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ আসক্ত চিকিৎসক। নগাঁও জিলাৰ জুৰীয়া আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ আসক্ত চিকিৎসকসহ মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে।
জুৰীয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জুৰীয়া আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলায়। জুৰীয়া আৰক্ষীৰ অভিযানত চাৰিজন ড্ৰাগছ আসক্ত যুৱক গ্ৰেপ্তাৰ হয়। ইয়াৰে এজন দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক। ধৃত ড্ৰাগছ আসক্ত কেইজন ক্ৰমে ড০ বিক্ৰম দাস, নেকিবুৰ ৰহমান, হিফজুৰ ৰহমান আৰু ওমৰ ফাৰুক।
লগতে পঢ়ক : লখিমপুৰত গুলীবিদ্ধ দুজন ড্ৰাগছ ব্যৱসায়ী
এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলাইছিল। অভিযানকাৰী আৰক্ষীৰ দলটোৱে ড্ৰাগছ আসক্ত যুৱক কেইজনৰ কবলৰ পৰা ৪ টা কন্টেইনাৰৰ লগতে ১১ মিলি গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।