গৰৈমাৰী : কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে এক চাঞ্চ্যলকৰ হত্যাকাণ্ড৷ পিতৃয়ে ঘপিয়াই হত্যা কৰিলে সাত বছৰীয়া পুত্ৰক। হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে ড্ৰাগছ আসক্ত পিতৃৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰে।

বিগত কিছুদিন ধৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিনামৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ইজনৰ পিছত সিজন ড্ৰাগছ মাফিয়াক জালত পেইলাইছে। আৰক্ষীৰ এই সাফল্যই সমগ্ৰ ৰাজ্যবাসীক আনন্দিত কৰি তোলাৰ মাজতে ড্ৰাগছৰ বাবে এগৰাকী কিশোৰে প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে। কামৰূপ জিলাৰ ছয়গাঁৱৰ অন্তৰ্গত গৰৈমাৰীত অতি নিৰ্মমভাৱে পিতৃয়ে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পুত্ৰক৷ গৰৈমাৰী আৰক্ষী চকীৰ পৰা মাত্ৰ ৩০ মিটাৰ দূৰত্বত সোমবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

আৰু পঢ়কঃ কামপুৰৰ বৰপানী নদীত অচিনাক্ত মৃতদেহ উটি যোৱাক লৈ চাঞ্চল্য

জানিব পৰা মতে ড্ৰাগছ আসক্ত মইনাল হক নামৰ এজন লোকে নিজ সাত বছৰীয়া পুত্ৰক ঘপিয়াই হত্যা কৰে। ড্ৰাগছ আসক্ত মইনাল হক প্ৰায়ে ড্ৰাগছৰ নিচাত পৰিয়াল লোকক অত্যাচাৰ চলায়। সোমবাৰে নিশা মাইনাল হকে ড্ৰাগছৰ নিচাত পুনৰ পৰিয়ালৰ লোকক অত্যাচাৰ চলাই নিজৰ সাত বছৰীয়া পুত্ৰ মনিৰুল হকক হত্যা কৰে। ঘটনাক কেন্দ্ৰ কৰি গৰৈমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী পিতৃ মইনাল হকক গ্ৰেপ্তাৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply