গুৱাহাটী : কাহিলিপাৰাৰ দক্ষিণগাঁৱত ৰাইজে আটক কৰিলে তিনি ড্ৰাগছ আসক্ত যুৱকক। দক্ষিণগাঁৱৰ ভগদত্তপুৰৰ পাহাৰৰ ওপৰত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰে তিনি যুৱকক। যুৱক কেইজনৰ কবলৰ পৰা ৰাইজে উদ্ধাৰ কৰে দুটাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। ৰাইজৰ আৰক্ষীক গতাই দিয়ে যুৱক তিনিজনক।
এফালে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, আনফালে ড্ৰাগছৰ বিৰুদ্ধে কঁকালত টঙালি বান্ধিছে ৰাইজে। বিগত সময়ছোৱাত উজনিৰ পৰা নামনিলৈকে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্য দেখি উৎসাহিত হৈ উঠিছে ৰাইজ।
ড্ৰাগছ বিৰোধী অভিযানত বিভিন্ন অঞ্চলত ৰাইজে আৰক্ষীক পূৰ্ণ সহযোগ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষীক সহযোগ প্ৰদান কৰাৰ লগতে ৰাইজ নিজেও ওলাই আহিছে ড্ৰাগছৰ ঘটি সমূহ উৎসাত কৰিবলৈ। ইতিমধ্যে বহু ঠাইত ৰাইজে ড্ৰাগছৰ ঘটি উৎসাত কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে এইবাৰ মহানগৰীৰ দক্ষিণগাঁৱত ড্ৰাগছ আসক্ত যুৱকক আটক কৰিলে ৰাইজে।
আজি পুৱাৰ ভাগত দক্ষিণগাঁৱৰ ভগদত্তপুৰৰ পাহাৰত তিনিজনকৈ যুৱকে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে অভিযান চলাই যুৱক তিনিজনক আটক কৰে। ৰাইজে যুৱক তিনিজনৰ কবলৰ পৰা দুটাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে। পিছত যুৱক তিনিজনক ৰাইজে আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱক তিনিজনক ড্ৰাগছ আসক্ত হোৱাৰ লগতে ড্ৰাগছৰ সৰবৰাহৰ লগতো জড়িত।
লগতে পঢ়ক : চৰাইদেউ মহকুমা চিকিৎসালয়লৈ অক্সিজেন কনচেনট্ৰেটৰ
উল্লেখ্য যে বিগত কিছুদিন ধৰি দক্ষিণগাঁৱৰ পাহাৰীয়া অঞ্চল সমূহত ব্যাপক হাৰত প্ৰচলন বৃদ্ধি পাইছে। ভগদত্তপুৰত আৰক্ষীয়ে পূৰ্বে কেইবাবাৰো ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত আজি ৰাইজৰ অভিযানত ড্ৰাগছ আসক্ত যুৱক তিনিজন ধৰা পৰে।