মাৰ্ঘেৰিটা : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিদেৰ্শত আৰক্ষী প্ৰশাসনে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিগত দুমাহে আৰক্ষীয়ে চলোৱা অভিযানত নিয়মিত ঠাইয়ে ঠাইয়ে জব্দ হৈছে ড্ৰাগছ। জব্দ হৈছে ভাং, কানী আদি নিচাজাতীয় দ্ৰব্য। গ্ৰেপ্তাৰ হৈছে এই অবৈধ বেহাৰ লগত জড়িত বহু ব্যৱসায়ী। ইয়াৰ লগে লগে লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে নিচামুক্তি কেন্দ্ৰ সমূহত নিচাসক্তৰ সংখ্যা।
উজনি অসমৰ বিভিন্ন অঞ্চলত কেইবাটাও শাখা থকা মাৰ্ঘেৰিটাৰ নিউ লাইফ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰটোত মাত্ৰ দুমাহতে প্ৰায় ২৫০ গৰাকী নিচাসক্ত ভৰ্তি হৈছে। কেন্দ্ৰটোত এতিয়া থকা নিচাসক্তৰ সংখ্যা প্ৰায় ৫৫০ হ’লগৈ। অসমৰ লগতে অৰুণাচল, নাগালেণ্ডৰো নিচাসক্ত লোক কেন্দ্ৰটোত ভৰ্তি হৈ আছে। উত্তৰ পূবৰ ২২ গৰাকী নিচাসক্ত যুৱতীও এই কেন্দ্ৰটোত চিকিৎসাধীন হৈ থকাৰ কথা সদৰী কৰে ফাউণ্ডেচনৰ সভাপতি ৰূপম গগৈয়ে।
এই কেন্দ্ৰটোত চিকিৎসাধীন হৈ থকা সকলে ন্যূনতম ৭-১০ হাজাৰ টকাকৈ মাহেকত দিব লাগে যদিও অৰ্ধেক সকলেই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ হোৱা বাবে বিনামূলীয়াকৈ খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰি আহিব লগা হোৱাত কেন্দ্ৰটো ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বুলি উপদেষ্টা সৰোজ গোঁহাই, সভাপতি ৰূপম গগৈ আৰু সম্পাদক গৌতম চৌধুৰীয়ে সদৰী কৰে। এই কেন্দ্ৰটোৰ শাখা তিনিচুকীয়া, কাকপথাৰ, তালাপ, শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজিত থকা বুলি জানিবলৈ দি সভাপতি ৰূপম গগৈয়ে কয় যে কেন্দ্ৰত চিকিৎসাধীন হৈ সুস্থ হৈ উঠাসকলে তেওঁলোকক এই কাৰ্যত সহযোগিতা আগবঢ়াই আহিছে।
২০১৫ চনত প্ৰতিষ্ঠিত এই কেন্দ্ৰটোৱে প্ৰায় ১২০০ নিচাসক্তক সুস্থ কৰি তুলিবলৈ সক্ষম হোৱাৰ কথা সদৰী কৰি নিচামুক্ত এখন সমাজ তথা ৰাজ্য গঢ়াৰ স্বাৰ্থত চৰকাৰ তথা সদাশয় ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে কেন্দ্ৰটোৱে। ফাউণ্ডেচনৰ উপদেষ্টা সৰোজ গোঁহাইয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছ বিৰোধী কঠোৰ স্থিতিৰ বাবে ড্ৰাগছ মাফিয়া সকল বিচলিত হৈ পৰা বুলি প্ৰকাশ কৰি সম্প্ৰতি এনে মাফিয়াই নিউ লাইফ ফাউণ্ডেচনৰ দৰে অনুষ্ঠানসমূহক ধ্বংস কৰাৰ কুচক্ৰান্তত লিপ্ত হোৱা বুলি কয়। ইয়াৰ অংশবিশেষ হিচাপে একাংশ সংবাদসেৱীক বিভ্ৰান্ত কৰি জনমানসত এই নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে বাতৰি কৰোৱা বুলি প্ৰকাশ কৰি তেওঁ এই কেন্দ্ৰটোৰ লক্ষ্য উদ্দেশ্য নজনাকৈ বা আভ্যন্তৰীন পৰ্যবেক্ষণ নকৰাকৈ বাতৰি নকৰিবলৈ আহ্বান জনায়।
লগতে পঢ়ক : গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ মৃগেশ নাৰায়ণ বৰুৱাৰ
তেওঁ উত্তৰ পূবৰ ভিতৰতে এই কেন্দ্ৰটো শ্ৰেষ্ঠ বুলি জানিবলৈ দি কয় যে মনিপুৰত এনেধৰণৰ বহু কেন্দ্ৰ আছে কিন্তু চৰকাৰী পৃষ্ঠপোষকতাত। ইয়াৰ বিপৰীতে অসমত সম্পূৰ্ণ বেচৰকাৰীভাৱে এনে অনুষ্ঠান গঢ় লৈ উঠিছে। সম্প্ৰতি অৰ্ধেক সংখ্যক লোক বিনামূলীয়াকৈ ৰাখিব লগা হোৱা বাবে আৰ্থিক সংকটৰ সন্মুখীন হোৱা বুলি সদৰী কৰি চৰকাৰ তথা ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।