বৰপেটা : বৰপেটাত জ্বলাই দিয়া হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জ্বলাই বিনষ্ট কৰিলে আৰক্ষীয়ে। জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ উপস্থিতিত জ্বলাই দিয়া হয় ড্ৰাগছখিনি।
ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত জব্দ হৈ আছে ড্ৰাগছ। বৰপেটা আৰক্ষীয়েও ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিবলৈ সক্ষম হৈছে কেইটাও সফল্য।
বৰপেটা আৰক্ষীৰ অভিযানত জব্দ হোৱা বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ আজি জ্বলাই বিনষ্ট কৰা হয়। বৰপেটা আৰক্ষী ছাউনীৰ পিছফালে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত জ্বলাই বিনষ্ট কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ।
লগতে পঢ়ক : নাওবৈচাৰ গেন্ধালীত ভয়ংকৰ পথ দুৰ্ঘটনা! নিহত এজন
বৰপেটা জিলাৰ বিভিন্ন আৰক্ষী চকীত ড্ৰাগছ সন্দৰ্ভত ৰুজু হৈ থকা ৫৮ টা গোচৰৰ প্ৰয়া ১ কোটি টকা মূল্যৰ ড্ৰাগছ আজি জ্বলাই বিনষ্ট কৰা হয়। বিনষ্ট কৰা ড্ৰাগছ সমূহৰ ভিতৰত আছিল ব্ৰাউন ছুগাৰ, গাঞ্জা, নিচাজাতীয় টেবলেট আৰু ক’ফ চিৰাপ।