নিউজ ডেস্ক: ডঃ হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰাজ্য জুৰি ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ ব্যাপক অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱাৰ পাছতে ৰাজ্যৰ গাঁও, নগৰ চহৰত বেয়াকৈ শিপাই পৰা এই বৰবিহ নিতৌ উদ্ধাৰ হৈছে। যোৱা মে মাহৰ পৰা চৰকাৰী তথ্য মতে ১৬০ কোটি টকাতকৈও অধিক টকা মূল্যৰ ড্ৰাগছ আৰু বিভিন্ন নিচাযুক্ত সামগ্ৰী উদ্ধাৰ হৈছে।
অসম আৰক্ষীৰ তথ্য মতে, যোৱা ১০ মে ২০২১ ৰ পৰা ১৫ জুলাই ২০২১ লৈ ৰাজ্যত ১,৬৩,৫৮,১১,৪৪৫,০০ কোটি টকাৰ বিভিন্ন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী জব্দ হৈছে। ইয়াৰ বিপৰীতে ৮৭৪ টা গোচৰ পঞ্জীয়ন হৈছে আৰু ১৪৯৩ জন লোক গ্ৰেপ্তাৰ হৈছে। জব্দ হোৱা নিচাযুক্ত সামগ্ৰী বোৰৰ ভিতৰত আছে হেৰইন, গাঞ্জা, কানি, বিভিন্ন কফ চিৰাপ, টেবলেট, মৰ্ফিন, পপি চিৰাপ আদি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে বিগত দুমাহত যিমান মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে সেয়া মাত্ৰ ২০ বা ৩০ শতাংশহে।
ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অসমত এই বজাৰ খন কেইবা হাজাৰ কোটিৰ হব । আৰু এই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱাৰ পাছতহে অনুমান কৰিব পৰা গৈছে অসমত কেনেকৈ শিপাই পেলাইছে ড্ৰাগছ বৰবিহ। আৰু এটা প্ৰজন্ম ইয়াৰ কবলত পৰি তিল তিলকৈ কেনেকৈ নি:শেষ হৈছে সেই কথাও পোহৰলৈ আহিছে।
কৰ পৰা কেনেকৈ অসমলৈ আহে এই ড্ৰাগছ । স্বাভাৱিকতে মনলৈ আহে অসমলৈ কৰ পৰা কেনেকৈ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ আহে। কোনে নিয়ন্ত্ৰণ কৰে ড্ৰাগছৰ এই বিশাল কলা সাম্যজ্য। ড্ৰাগছৰ এই বিশাল বজাৰ খন এখন আন্তঃৰাষ্ট্ৰীয় কলা বজাৰ। এই কলা বজাৰত জড়িত আছে আন্তঃৰাষ্ট্ৰীয় মাফিয়া চক্ৰ। নিতান্তই এই ক্ষেত্ৰত একাংশ আৰক্ষী, ৰাজনৈতিক ব্যক্তি, উগ্ৰপন্থী সংগঠনৰ সহযোগিতা আছে। এই বৃহৎ অবৈধ সামগ্ৰীৰ বজাৰ খন আৰম্ভ হৈছে ” সোণালী ত্ৰিভুজ”ৰ পৰা। কি এই সোণালী ত্ৰিভুজ। ম্যানমাৰ,লাওছ আৰু থাইলেণ্ড এই তিনি ৰাষ্ট্ৰৰ সীমা বা সংযোগস্থলীৰ পৰ্বতীয়া অঞ্চলটোকেই কোৱা হয় সোণালী ত্ৰিভুজ। ইয়াৰ পৰাই অসম, উত্তৰ পূৰ্বাঞ্চল হৈ সমগ্ৰ দেশলৈ সৰবৰাহ হৈ আহিছে মাৰাত্মক ড্ৰাগছ। ম্যানমাৰ বৰ্তমান সময়ত বিশ্বৰ দ্বিতীয় সৰ্বাধিক অবৈধ ড্ৰাগছ উৎপাদনকাৰী দেশ।
এইদেশৰ পৰাই মূলত হিৰইন , ব্ৰাউনচুগাৰ, মৰ্ফিন, পপি, অ’পিয়াম আদি বিভিন্ন ড্ৰাগছ সৰবৰাহ হয় । দেশখনত এইবোৰৰ খেতি প্ৰচুৰ পৰিমানে হয় । ইয়াৰ উপৰিও কাষৰীয়া ভাৰতীয় এলেকাত গোপনে কৰা খেতিৰ পৰাও কেঁচামাল সেইদেশলৈ চালান হয় । এনেধৰনৰ সামগ্ৰী এখন দেশৰ পৰা আন এখন দেশলৈ সৰবৰাহ হোৱাৰ সময়ত সীমান্তত থকা সুৰক্ষা বাহিনীৰ ভুমিকাও চাবলগীয়া হয় । বৰ্তমান সময়ত অসমত ড্ৰাগছ সৰবৰাহ কাৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ খবৰ সেইবোৰ অপৰাধীও জ্ঞাত । যাৰ বাবে যোৱা সময়চোৱাত বিভিন্ন ন ন কৌশলেৰে ৰাজ্যৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছে যদিও বৰ্তমান সময়ত বহুবাৰ আৰক্ষীৰ হাতত তেওলোক ধৰা পৰিছে ।
ইয়াৰ উপৰিও বিভিন্ন টেবলেট আৰু কফ চিৰাপ ভাৰতৰ বিভিন্ন দৰব নিৰ্মাতা কোম্পানী বা অবৈধ কোম্পানীৰ পৰা অসমৰ লগতে উত্তৰ পূবৰ বিভিন্ন অঞ্চললৈ আহে । প্ৰথম অবস্থাত অসম তথা উত্তৰ পূবৰ মাজেৰে ড্ৰাগছ সৰবৰাহ কৰা পথ হিচাপেহে মূলতঃ ব্যৱহাৰ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত অসম আৰু উত্তৰ পূৱৰ ৰাজ্য কেইখনক এখন বৃহৎ বজাৰ হিচাপে বাচি লয় এই চক্ৰই। এই সোণালী ত্ৰিভুজৰ পৰা কেইবাটাও পথেৰে অসম তথা উত্তৰ পূব আৰু দেশৰ বিভিন্ন স্থানলৈ ড্ৰাগছৰ সৰবৰাহ হয়।
সেই পথ সমূহৰ ভিতৰত ম’ৰে হৈ ইম্ফল ক’হিমা ডিমাপুৰ কাৰ্বিআংলং গোলাঘাট নগাঁও গুৱাহাটীহৈ আৰু অন্য ৰাজ্যলৈ ওলাই যায়। দ্বিতীয়তে ম্যানমাৰৰ পৰা মিজোৰাম বৰাক ভেলী, মেঘালয় , গুৱাহাটীহৈ আনটো পথেৰে বাহিৰলৈ ওলাই যায় ।আন এটা পথ হৈছে ম্যানমাৰৰ পৰা পাটকাই পৰ্বতমালা হৈ তিনিচুকীয়া, ডিব্ৰুগড় হৈ গুৱাহাটীলৈ।
আনহাতে উজনি ম্যানমাৰ হৈ পুৰণি ষ্টিল ৱেল পথ, জাগুন, লেখাপানী,লিডু, মাৰ্ঘেৰিটা, ডিব্ৰুগড় , গুৱাহাটীহৈ অন্য ৰাজ্য আৰু নামাচাই , চংখাম, বান্দৰদেৱা, লখিমপুৰ, তেজপুৰ, গুৱাহাটী হৈ অন্য ৰাজ্যলৈ এই ড্ৰাগছ সমূহ বিশেষভাবে সৰবৰাহ হৈ আহিছে।সকলো ক্ষেত্ৰতে দেখা যায় অসমৰ মাজৰেই উত্তৰ পূৱৰ লগতে দেশৰ অন্য প্ৰান্তলৈও ড্ৰাগছ সৰবৰাহ হৈ আহিছে। অসম ড্ৰাগছ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় ক’ৰিডৰ।
যোৱা সময়চোৱাত প্ৰকাশপোৱা বিভিন্ন অনুসন্ধানকাৰী সংস্থাৰ প্ৰতিবেদনত দেখা গ’ল যে উত্তৰ পূৱৰ বহু কেইটা উগ্ৰপন্থী সংগঠন ড্ৰাগছৰ সৰবৰাহত জড়িত হৈ আছে। ই দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ লগত জড়িত বিষয়। সেয়ে অনুসন্ধানকাৰী সংস্থা বোৰে এই বিষয়টোক যথেষ্ঠ গুৰুত্ব দি লৈছে। কিন্তু এতিয়ালৈকে অসম তথা উত্তৰ পূবত Narco politics হোৱা বুলি কোনো তথ্য পোহৰলৈ অহা নাই। অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবশ্যে আলফা স্বাধীন ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত নাই বুলি বক্তব্য ৰাখিছে।
এই খিনিতে প্ৰশ্ন হয় যোৱা দশকৰ পিছত দশক ধৰি অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহ হৈ থকা ঘটনা অথবা অসমত ড্ৰাগছৰ প্ৰচল অবাধ হাৰত বৃদ্ধি হোৱা খবৰবোৰ চোৰাংচোৱাৰ নাছিল নেকি ? যদি আছিল তেওলোকক ব্যবস্থা ল’বলৈ বাধা দিছিল নে নিজেই গুৰুত্ব দিয়া নাছিল । অসমৰ মাজেৰে মণিপুৰ, নাগালেন্ডৰ পৰা নিয়মীয়াকৈ অবৈধ ড্ৰাগছ আহি থকাটো নতুন ঘটনা নহয় । তাক দায়িত্ব সহকাৰে কোনো দিনেই অসমপুলিচে পালন নকৰিলে । গোলাঘাট জিলালৈ ড্ৰাগছ অহা ঘাটি বোৰ খটখটি, চিলনীজান, বোকাজান , ফৰকাটিং এইবোৰ কথা সৰ্বজনবিদিত ,কিন্তু প্ৰশাসনে গম নাপায় এনে কথাত বিশ্বাসযোগ্যতা নাইকীয়া হয় ।
ড্ৰাগছ সৰবৰাহ কমিছে কিন্তু বন্ধ এতিয়াও হোৱা নাই মুখ্যমন্ত্ৰীয়ে গোলাঘাট, ডিফু, নগাঁও, হোজাইত ড্ৰাগছ ধ্বংসৰ অভিযানত নিজেই অংশ লৈ এটা মেছেজ দিব বিচাৰিছে , অসমত ড্ৰাগছ সৰবৰাহ কৰাতো সহজ নহ’ব এতিয়াৰে পৰা । তাৰ পিছতেই একেই গতিত ড্ৰাগছ ধৰা পৰিছে কাৰ্বিআংলং আৰু ধেমাজীত । ৰাজ্যৰ প্ৰত্যেকখন থানাৰ আৰক্ষী বিষয়াসকলে সংকল্প ল’লে অসমত ড্ৰাগছৰ অবাধ বেহা যথেষ্ট পৰিমানে কমাব পাৰিব । কিন্তু বৰ্তমানে চলি থকা অভিযান কেবল মুখ্যমন্ত্ৰী হেঁচাৰ বাবেই যদি চলি আছে তাৰ সুফল আশা নকৰাই ভাল ।
শেহতীয়াকৈ অসমত জব্দ হোৱা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰৱ্য ৰাজহুৱাকৈ দাহ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ পেডেলাৰক সকীয়াই কৈছে যে অসম এতিয়া ড্ৰাগছ সৰবৰাহ কাৰীৰ বাবে নিৰাপদ ঠাই নহয়। আৰক্ষীক আইনৰ গণ্ডিত থাকি কঠোৰৰ পৰা কঠোৰ হবলৈ আহ্বান জনাইছে।
অসমক ড্ৰাগছ মুক্ত অকল চৰকাৰ বা আৰক্ষীয়ে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন সজাগ সচেতন ব্যক্তি, দল সংগঠন , অভিভাৱক সকলোৰে সহযোগিতা লাগিব।এনে অবস্থাত যিবোৰ ঘৰৰ লোক এনে বৰবিহৰ কবলত পৰিছে তেওলোকৰ পৰিয়ালৰো বহু পৰিমানে গুৰুত্বপূৰ্ণ ভূমিকা আছে ।
বৰ্তমান সময়ত অসম আৰক্ষীয়ে ড্ৰাগছ পেডলাৰ বোৰৰ ওপৰত অভিযান চলাই আহিছে। এই সময়চোৱাত বহুবোৰ ধৰা পৰিছে যদিও বহুবোৰে এতিয়াও গোপনে চলাই গৈছে ব্যবসায় । কাৰন ড্ৰাগছ লোৱা লোকসকলে এতিয়াও ব্যবহাৰ কৰিয়েই থকাৰ তথ্য প্ৰকাশ পাই আহিছে । কেবল যুবকেই নহয় বহু যুবতীও এতিয়া ড্ৰাগছ আসক্ত । সেইবাৰেই হয়তো সোমবাৰে এগৰাকী যুবতী চান্দমাৰী আৰক্ষীৰ জালত ড্ৰাগছসহ ধৰা পৰিল । এই খিনি সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল পেডলাৰ খিনি ধৰিলেই ড্ৰাগছৰ সমাধান হ’বনে ? যিসকল ড্ৰাগছ আসক্ত সেই সকলক কেনেদৰে ইয়াৰ পৰা মুক্ত কৰিব ।
ৰাজ্যত যিবোৰ নিচামুক্তি চেন্টাৰ আছে সেইবোৰে কিমান সফলতা লাভ কৰিছে । ড্ৰাগছ আসক্ত যুবক যুবতীসকল এইসমূহ কেন্দ্ৰৰ পৰা উভতি গৈ আকৌ একেটা পথেই লোৱাৰ অলেখ উদাহৰণ আছে । ৰাজ্যত থকা অধিকাংশ নিচামুক্তি কেন্দ্ৰ পূৰ্বতে ড্ৰাগছ আসক্তসকলেই খুলি চলাই আছে । তেওলোকৰ অধিকাংশৰেই নাই কোনো বিজ্ঞানসন্মত অধ্যয়ন । নিজৰ জ্ঞানেৰেই চলাই গৈছে এই কেন্দ্ৰবোৰ । অধিকাংশ নিচামুক্তি কেন্দ্ৰসমূহ কেনেদৰে চলিছে সেইবোৰ ৰাজ্যচৰকাৰৰ কোনটো বিভাগে কেতিয়া চাবলৈ গৈছে ।
তেওলোকৰ প্ৰতি চৰকাৰৰ দায়িত্ব নাই নেকি । দুদিনৰ আগতে নিজেই ড্ৰাগছ আসক্ত হৈ থকা ব্যক্তিয়ে কেনেদৰে নিজেই নিজকে সুস্থ হোৱাৰ ঘোষণা কৰি নিচামুক্তি কেন্দ্ৰ খুলিব পাৰে, তাৰ অনুমতি কোনে দিয়ে কি চাই এইবোৰ খুলিবলৈ প্ৰমান পত্ৰ দিয়ে সেইবোৰো চোৱাৰ সময় আহি পৰিছে।
ড্ৰাগছ মুক্ত অসম গঢ়িবলৈ হ’লে ড্ৰাগছ আসক্তসকলৰ কথাও চিন্তা কৰিব লাগিব । সেইসকলক শুদ্ধ পথলৈ অনাৰ কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে । চৰকাৰী ব্যবস্থাত অন্তত প্ৰতিখন জিলাত অভিজ্ঞ লোকক লৈ এনে ধৰনৰ নিচামুক্তি কেন্দ্ৰৰ কথাও ভাবিব পাৰে । এইসকল যুবক যুবতী শুদ্ধ পথলৈ নহালৈকে ড্ৰাগছ মুক্ত অসমৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাবনা ক্ষীণ ।
লগতে পঢ়ক তামুলপুৰৰ ভাৰত-ভুটান সীমান্তত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কিশোৰী