হিৰ'ইনসহ ৪ জনক গ্ৰেপ্তাৰ

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক সফল অভিযান চলাই অহাৰ সময়তে বুধবাৰে পুৱতি নিশা ৰহা আৰক্ষীয়ে আটক কৰে তিনি ড্ৰাগছ সৰবৰাহকাৰীক।


বুধবাৰে পুৱতি নিশা ৰহা আৰক্ষীয়ে অভিযান চলাই চাপৰমুখ ৰে’ল ষ্টেচনৰ পৰা এগৰাকী মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নগাঁৱৰ ধনীয়াভেটিৰ ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ডিমাপুৰৰ পৰা ৰে’লেৰে ড্ৰাগছ সৰবৰাহ কৰি আহি থকা অবস্থাত চাপৰমুখ ৰে’ল ষ্টেচনত তিনিওকে আটক কৰে আৰক্ষীয়ে।

আটক কৰা ধৃত সৰবৰাহকাৰী কেইজন হৈছে চিতাৰা বেগম, আইনুল হক, ৰচিদুল হক আৰু ৱাদিকুল ইছলাম। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে ডিমাপুৰৰ পৰা প্ৰায়ে এনেদৰে ৰেলেৰে ড্ৰাগছ সৰবৰাহ হৈ আহিছে।ইয়াৰ পূৰ্বেও আৰক্ষীয়ে চাপৰমুখ ৰে’ল ষ্টেচনৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।

লগতে পঢ়ক- ডাউন টাউনৰ নিৰ্মীয়মান উৰণীয়া সেঁতুৰ দুয়োপাৰে ৰঙৰ মেলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,511 other subscribers

Leave a comment

Leave a Reply