নিউজ ডেস্কঃ অসম চৰকাৰে ৰাজ্যত ড্ৰাগছ ব্যৱসায় আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। তাৰ মাজতে ড্ৰাগছ মাফিয়া বাবা হাজৰিকাৰ সম্পূৰ্ণ সম্পত্তি ছীল কৰিছে আৰক্ষীয়ে। টুইটাৰযোগে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কাৰ্বি আংলং আৰক্ষীক প্ৰশংসা কৰি টুইট কৰিছে।
উল্লেখ্য যে, ১২ জানুৱাৰী বোকাজান আৰক্ষীয়ে অভিযান চলাই বাবা হাজৰিকাৰ ঘৰত জব্দ কৰিছিল বুজন পৰিমাণ ড্ৰাগছ আৰু বন্যপ্ৰাণীৰ অংগ। ড্ৰাগছৰ সাম্ৰাজ্যৰে বোকাজানৰ খটখটিত ড্ৰাগছ মাফিয়াটোৱে গঢ়ি তুলিছিল বিশাল সম্পত্তিৰ সাম্ৰাজ্য। দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা ড্ৰাগছৰ সৰবৰাহ কৰিছিল বাবা হাজৰিকাই।
বোকাজান আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আৰু বন্যপ্ৰাণীৰ অংগ জব্দ কৰাৰ পাছতেই SAFEM(FOP)A, NDPSA আইনৰ অধীনত বাবা হাজৰিকাৰ সম্পূৰ্ণ সম্পত্তি জব্দ কৰে। পৰৱৰ্তী সময়ত এই সম্পত্তি নিলাম হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আৰক্ষীয়ে।