গুৱাহাটী : বৃহৎ পৰিমাণৰ ড্ৰাগছসহ মহানগৰ আৰক্ষীৰ জালত পৰা জামাল আলী আৰক্ষীৰ গুলীত আহত। নিশা আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে জামাল অলীক গুলীয়াই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি জামাল আলী।
বৃহস্পতিবাৰে সন্ধিয়াৰ সময়ত ড্ৰাগছ লৈ গুৱাহাটীত প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষীৰ জালত পৰিছিল ড্ৰাগছ সৰবৰাহকাৰী জামাল আলী। জামাল আলীৰ আই ১০ বাহনৰ চিটৰ তলৰ পৰা জব্দ হৈছিল ১০ হাজাৰ নিচাযুক্ত য়াবা (মেঠ) টেবলেট।
ইয়াৰ পিছতে অন্য এজন ড্ৰাগছ মাফিয়াৰ সন্ধানত আৰক্ষীয়ে জামাল অলীৰ লগত অভিযান চালবলৈ যাওঁতে জামাল আলী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায়। আৰক্ষীয়ে বাধ্য হৈ জামাল আলীক উদ্দেশ্যি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত অহাত জামাল আলীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
লগতে পঢ়ক : কামৰূপ জিলালৈ ‘স্বচ্ছতা ৰথ’ আদৰিলে ডিডিচি নৰসিং বেয়ে
কামৰূপ জিলাৰ ছয়গাঁৱৰ ড্ৰাগছ সৰবৰাহকাৰী জামাল আলী দীর্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত। অৱশেষত বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰা জামাল আলীৰ গাড়ীত জব্দ হোৱা নিচাযুক্ত টেবলেটখিনিৰ বজাৰ মূল্য ৫০ লাখ টকা বুলি জানিব পৰা গৈছে।