নলবাৰী : ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। এটাৰ পিছত আনটো সাফল্য লাভ কৰা আৰক্ষীৰ জালত এইবাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহ কাৰী। নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে জালত পেলায় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক।

দেওবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই দৌলাশাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক। দৌলাশাল আৰক্ষীয়ে দৌলাশাল বজাৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানক।

ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুণবড়িত। আমানুৰ ৰহমানে দীর্ঘদিন ধৰি নলবাৰী আৰু বৰপেটা জিলাত ড্ৰাগছৰ ড্ৰাগছৰ সৰবৰাহ চলাই আছিল। অৱশেষত দেওবাৰে নিশাৰ ভাগত আৰক্ষীৰ জালত পৰে আমানুৰ ৰহমান।

লগতে পঢ়ক : কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি মহানগৰীৰ ৬ যুবক ৰঙাঘৰলৈ

দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আমানুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সোমবাৰে আৰক্ষীয়ে আমানুৰ ৰহমানক নলবাৰী আদালতত হাজিৰ কৰাত আদালতে আমানুৰ ৰহমানক জে’ললৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply