ৰূপহীহাট : জুৰীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক। আৰক্ষীৰ অভিযানত আটক দুধর্ষ ড্ৰাগছ সৰবৰাহকাৰী। দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল দুধর্ষ ড্ৰাগছ সৰবৰাহকাৰীজন।

মধ্য অসমৰ নগাঁও জিলা ড্ৰাগছৰ ঘটিত পৰিণত হৈছে। নগাঁও চহৰৰ লগতে জিলাখনৰ ভিতৰুৱা অঞ্চল সমূহত ড্ৰাগছৰ প্ৰচলন ব্যাপক হাৰত বৃদ্ধি পাইছে। নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান চলাই থকা পৰিলক্ষিত হৈছে যদিও জিলাখন ড্ৰাগছমুক্ত কৰিবলৈ সক্ষম হোৱা নাই।

বিগত সময়ছোৱাত নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই নগাঁবৰ বিভিন্ন অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এই অবৈধ বেহাৰ লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে পুনৰ জিলাখনৰ জুৰীয়া আৰক্ষীয়ে চামধৰা চাৰিআলিত এক ড্ৰাগছ বিৰোধী অভিযান চলায়।

এক গোপন খবৰৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই অঞ্চলটোৰ এজন দুধর্ষ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। কলনিজলাহ গাঁৱৰ ছাইদুল ইছলাম ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰাৰ লগতে আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ কবলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

ছাইদুল ইছলাম দীৰ্ঘদিন ধৰি জুৰীয়াৰ বিভিন্ন অঞ্চলত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল বুলি জানিব পৰা গৈছে। শুকুৰবাৰে জুৰীয়া আৰক্ষীয়ে অভিযান চলাই উক্ত ব্যৱসায়ীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply