দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত ফকিৰগঞ্জত বৃহস্পতিবাৰে নিশা দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ আৰক্ষীয়ে যৌথ অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট জব্দ কৰে।দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ প্ৰধানী, উপ আৰক্ষী বিষয়া নয়ন কুমাৰ আৰু ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাম ৰাওতীয়া, আৰক্ষীৰ উপ পৰিদৰ্শক আহমেদ আলীয়ে যৌথভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।
ফকিৰগঞ্জ বজাৰৰ কাষতে থকা ৰূপচান আলীৰ ঘৰত আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাবলৈ যোৱাৰ উমান পাই ঘৰৰ গৰাকী ৰূপচান আলী পলায়ন কৰে। ইফালে ৰূপচান আলীৰ ওচৰত নিচাজাতীয় টেবলেট সৰবৰাহ কৰিবলৈ অহা দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰি দুয়োৰে কবলৰ পৰা ৫৭৬ টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰি জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ফকিৰগঞ্জ গাঁৱৰ আবু উদ্দীনৰ পুত্ৰ ৰাজীৱ আলী আৰু আমবাৰী ভূঞাপাৰা গাঁৱৰ শুকুৰ আলীৰ পুত্ৰ আবেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।
আৰু পঢ়কঃ উচিত বজাৰৰ অভাৱত গছতে নষ্ট হ’ব ধৰিছে খেতিয়কৰ পৰিশ্ৰমৰ ফচল
অভিযানৰ অন্তত ফকিৰগঞ্জ আৰক্ষী ১৩৪/২১ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি শুকুৰবাৰে পুৱাৰ ভাগত ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক ধুবুৰী আদালতৰ প্ৰেৰণ কৰে। আদালতে দুয়োক জেললৈ প্ৰেৰণ কৰে বুলি ফকিৰগঞ্জ আৰক্ষীয়ে জানিবলৈ দিয়ে। দক্ষিণ শালমাৰা-মানকাচ জিলাৰ চৰাঞ্চলৰ বিভিন্ন ঠাইত এটা চক্ৰই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উঠিছে। আৰক্ষীয়ে বিগত সময়ছোৱাত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে।