হাটশিঙিমাৰী : ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে ৰাজ্যৰ প্রান্তে প্রান্তে ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীও ইতিমধ্যে ড্ৰাগছ ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে। পুনৰবাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সাফল্য।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ সুখচৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ১২৫০ টা নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইলিয়াচ হুছেইনৰ নেতৃত্বত শুকুৰবাৰে নিশাৰ ভাগত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান।

লগতে পঢ়ক :  মোৰ যেতিয়া মন যায় মই তেতিয়া ৰাজ্যসভাত উপস্থিত থাকো : ৰঞ্জন গগৈ

নিশা হাজিৰহাট অঞ্চলত অভিযান চলাই আৰক্ষীয়ে মুক্তাদুৰ ৰহমান নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছ সৰবৰাহকাৰীক নিচাযুক্ত টেবলেট বিক্ৰী কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ ব্যৱসায়ী মুক্তাদুৰ ৰহমান বড় কাজিৰগাঁগাঁৱৰ বাসিন্দা আৰু আৰক্ষীয়ে মুক্তাদুৰ ৰহমানৰ কবলৰ পৰা ১২৫০ টা নিচাযুক্ত টেবলেট জব্দ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply