ৰূপহীহাট: জুৰীয়াত আৰক্ষীৰ পুনৰ এনকাউন্টাৰ।জুৰীয়া তেলিয়া পথাৰ গাৱত সংঘটিত হৈছে এই এনকাউন্টাৰৰ ঘটনা।আৰক্ষীৰ গুলীত আহত নুৰজামাল নামৰ এটা ড্ৰাগছ ব্যৱসায়ী ।

দীৰ্ঘদিন ধৰি জুৰীয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল নুৰজামালে।নিশা জুৰীয়া আৰু নগাওঁ আৰক্ষীৰ এটা দলে নুৰজামালৰ ঘৰত অভিযান চলোৱাৰ সময়তে কুখ্যাত ড্ৰাগছ বেপাৰীটোৱে চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱাত আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয়।

ফলত সোঁহাতত গুলীবিদ্ধ হোৱা ড্ৰাগছ বেপাৰীটোক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।উল্লেখ্য যে জুৰীয়াত ধাৰাবাহিক ভাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply