ৰূপহীহাট: নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰু জুৰীয়া আৰক্ষীৰ সহযোগত জুকাটীত নিশা ড্ৰাগছ বিৰোধী অভিযান।
আৰক্ষীৰ অভিযানত জব্দ কৰে দুটা চাবোনৰ বাকচ ভৰ্ত্তি হেৰোইন। আৰক্ষীয়ে উক্ত অভিযানত আটক কৰে শ্বহিদুল ইছলাম নামৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক।
হয়বৰগাঁও আৰক্ষী চকীত ধৃত ছহিদুলক মাৰাথন জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে ধৃত ড্ৰাগছ ব্যৱসায়ীটোৱে জুৰীয়াৰ জুকাটি বজাৰত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।
যাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকৰ ৰূপত অতি কৌশলেৰে নগাঁও আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ড্ৰাগছ বেহা আৰু সৰবৰাহ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা বুলি আনন্দ মিশ্ৰই সদৰী কৰিছে। স্থানীয় ৰাইজক ড্ৰাগছ বিৰোধী যুজত সৈনিক হিচাপে আগবাঢ়ি আহিবলৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
লগতে পঢ়ক- অসম আৰক্ষীত ২১৩৪ টা কনিষ্টবল পদত নিযুক্তি