ৰূপহীহাট- ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান এতিয়াও তীব্ৰতৰ হৈ আছে যদিও ইয়াৰ গতি স্তব্ধ কৰাত সফল হ’ব পৰা নাই আৰক্ষী। কালি সন্ধিয়া জুৰীয়াৰ কদমনি পথাৰত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলাইছিল ড্ৰাগছ বিৰোধী অভিযান।
নগাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰা ছাদ্দাম হোছেইন নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত আনন্দ মিশ্ৰই চলাইছিল অভিযান।
আব্দুল ছেলিম নামৰ ড্ৰাগছৰ ডীলাৰ থকা এটা বাসগৃহত নিশা চলাইছিল অভিযান।ড্ৰাগছৰ ডীলাৰ ছেলিমে আৰক্ষীৰ অভিযানৰ আগতীয়াকৈ উমান পাই পলায়ন কৰিবলৈ সক্ষম হয়।
ড্ৰাগছ ব্যৱসায়ীটোৰ বাসগৃহৰ পৰা নগদ লক্ষাধিক টকা উদ্ধাৰ হয়। কালি ছেলিমৰ পৰা ধৃত ছাদ্দাম হোছেইনে ২৬ হেজাৰ টকা মূল্যৰ ড্ৰাগছ ক্ৰয় কৰা বুলি স্বীকাৰোক্তিত প্ৰকাশ পাইছে।
ইয়াৰ পূৰ্বেও ছেলিমৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল ড্ৰাগছৰ সন্ধানত অভিযান চলাইছিল।ছেলিমৰ বাসগৃহত চি চি কেমেৰা সংযোগ হৈ আছে।চি চি কেমেৰা নিৰীক্ষণ কৰি ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগ ছেলিমৰ বিৰুদ্ধে।
নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ নামত এজন ছাত্ৰক গুলীয়াই আহত কৰা ঘটনাক ৰৈ জিলা খনত প্ৰতিবাদ অব্যাহত আছে ।
লগতে পঢ়ক- বিশ্বনাথ আৰু মৰিয়নিত নিশা ভয়ংকৰ অগ্নিকান্ড জাহ গ’ল লক্ষাধিক টকাৰ সম্পত্তি