মানকাচৰ : অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। উজনিৰ পৰা নামনিলৈকে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ড্ৰাগছৰ ঘটি হিচাপে গঢ় লোৱা জিলা সমূহত অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে।

বিগত দুমাহ ধৰি অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও সাফল্য লাভ কৰিছে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে কেইবাজনো দুধর্ষ ড্ৰাগছ মাফিয়া। জব্দ হৈছে কেইবা কোটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। কিছুদিন পূৰ্বে আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ গোলাঘাট, ডিফু, নগাঁও আৰু হোজাইত জ্বলাই বিনষ্ট কৰিছিল।

আৰক্ষী ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে যদিও একাংশ ড্ৰাগছ মাফিয়াই বৰ্তমানেও চলাই গৈছে ড্ৰাগছৰ অবৈধ বেহা। তেনে এক ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছে মানকাচৰ আৰক্ষীয়ে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ জোৰডাঙ্গাত আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ মাফিয়াক।

লগতে পঢক : তেজপুৰত ”পেডী কেফেটেৰিয়াৰ শুভাৰম্ভ”ঃকৃষি বিভাগৰ বিশেষ তৎপৰতা

বুধবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত মনিৰুল ইছলাম নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। ২২০০ টা নিচাজাতীয় টেবলেট জব্দ কৰি মনিৰুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply