গুৱাহাটী : গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। গড়চুক আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী। জব্দ ৫০ গ্ৰাম ড্ৰাগছ।

মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। মহানগৰীৰ গড়চুক আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিলে এজন ড্ৰাগছ সৰবৰাহকাৰীক।

এক গোপন খবৰৰ ভিত্তিত বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ সমীপত অভিযান চলাই গড়চুক আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে চামাত আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক।

লগতে পঢ়ক : চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন, আহত ২৬ জন

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চামাত আলীৰ কবলৰ পৰা জব্দ কৰে ৫০ গ্ৰাম ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply