মানকাচৰ : মানকাচৰ-বাংলাদেশ সীমান্তত মহন্তপাৰাত আৰক্ষী আৰু চিআৰপিঅফৰ যৌথ অভিযান। আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। ১২০ বটল কোডাইন ফচডেড আৰু ক্লৰফেনিৰামাইন মালেট চিৰাপ জব্দ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ মহন্তপাৰাত শনিবাৰে পুৱতি নিশা প্ৰায় তিনি বজাৰ আৰক্ষী আৰু চি আৰ পি এফে এক যৌথ অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্যসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মহন্তপাৰা গাঁৱৰ প্ৰয়াত মনছুৰ আলীৰ পুত্ৰ আলী ইউছুফ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰত আৰক্ষীয়ে গোপন সূত্ৰৰৰ পম খেদি অভিযান চলায়।

লগতে পঢ়ক : মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হোজাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক

মানকাচৰ ই-৪৮ বেটেলিয়ান চি আৰ পি এফ বাহিনীৰ সৈতে আৰক্ষীয়ে এই যৌথ ড্ৰাগছ বিৰোধী অভিযান চলায়। অভিযানত ঘৰখনৰ পৰা ১২০ বটল কোডাইন ফচডেড আৰু ক্লৰফেনিৰামাইন মালেট চিৰাপ জব্দ কৰি ড্ৰাগছ সৰবৰাহকাৰী আলী ইউছুফক আটক কৰি আৰক্ষীয়ে থানালৈ আনে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী মহকুমা আদালতত প্ৰেৰণ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply