মুকালমুৱা : পুনৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। মুকালমুৱাত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী। ইণ্ডিগো বাহনৰ ইঞ্জিনত লুকুৱাই আনিছিল ড্ৰাগছ।

পুনৰ ড্ৰাগছসহ আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী। নলবাৰীৰ মুকালমুৱাত এখন ইণ্ডিগো বাহনৰ ইঞ্জিনত ড্ৰাগছ লুকুৱাই আনি আৰক্ষীৰ জালত পৰিল লক্ষীপুৰৰ শ্বাহজামাল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী।

এক গোপন খবৰৰ ভিত্তিত নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে যৌথভাৱে এক ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। হাজো-দৌলাশাল গড়কপ্তানি পথৰ বামুনবড়ীত আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে।

লগতে পঢ়ক : ৰাধা-কৃষ্ণ এইবাৰ দুটা ড’জ লৈহে ৰাসলৈ আহিব

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনৰ এএছ-০১-বিএম-২০৮৬ নম্বৰৰ ইণ্ডিগো বাহনখনত তালাচী চলাই বাহনখনৰ ইঞ্জিনত লুকুৱাই থোৱা অৱস্থাত দুটা চাবোনৰ বাকচত ড্ৰাগছ উদ্ধাৰ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply