দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ শালকাটাত আৰক্ষীৰ বিশেষ সাফল্য। আৰক্ষীয়ে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে এজন লোকক। জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ লগত এক বৃহৎ চক্ৰ জড়িত হৈ আছে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত শালকাটা বজাৰত বৃহস্পতিবাৰে বিয়লি প্ৰায় ২ বজাত দক্ষিণ শালমাৰা আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰীসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শালকাটা বজাৰত এক গোপন খবৰৰ ভিত্তিত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায়।
আৰক্ষীৰ এই অভিযানত চিনাবাৰী গাঁৱৰ আব্দুল ছবুৰ মিঞাৰ পুত্ৰ বাচ্ছু মণ্ডল নামৰ ড্ৰাগছ সৰবৰাহকাৰী জন গ্ৰেপ্তাৰ হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ কবলৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কফ চিৰাপ আৰু নিচা জাতীয় টেবলেট উদ্ধাৰ কৰে। আৰক্ষীয়ে নিচা জাতীয় সামগ্ৰীখিনি জব্দ কৰি লোক জনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
ড্ৰাগছৰ অবৈধ সৰবৰাহৰ লগত বহু লোক জড়িত আছে আৰু এই ড্ৰাগছ সৰবৰাহকাৰী সকলক আৰক্ষীয়ে আটক কৰাৰ বাবে অভিযান চলাই থকা বুলি দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে ড্ৰাগছ সৰবৰাহকাৰী সকলে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।