দক্ষিণ শালমাৰা : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। মানকাচৰত ইতিমধ্যে আৰক্ষীয়ে ঠায়ে ঠায়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাজনো ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে বহু পৰিমাণৰ নিচা জাতীয় সামগ্ৰী। সোমবাৰে বিয়লি প্ৰায় ৪ বজাত অসম-মেঘালয় তথা ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কলেজ নগৰৰ পৰা আৰক্ষী আৰু বি এছ এফৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট। অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত কলেজ নগৰ চাৰিআলি বজাৰত বৰাইৰ আলগা বি এছ এফ কেম্পৰ সুৰক্ষা বাহিনী আৰু খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীৰ দল এটা যৌথ অভিযান চলায়। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু বি এছ এফে চলোৱা এই অভিযানত ৩,৮০০ টা ডব্লিউ ওৱাই যুবা নামৰ নিচাজাতীয় টেবলেট উদ্ধাৰ হোৱাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী থানাৰ অন্তৰ্গত পাতৰাঙা গাঁৱৰ আব্দুছ ছামাদৰ পুত্ৰ ছলেমান ইছলাম বুলি চিনাক্ত কৰা হৈছে। ড্ৰাগছ সৰবৰাহকাৰী ছলেমান ইছলাম নিচাজাতীয় টেবলেটখিনি মেঘালয়ৰ পৰা মানকাচৰৰ সুখচৰ বজাৰত আনি থকা পথত আৰক্ষী আৰু বিএছএফৰ অভিযানত গ্ৰেপ্তাৰ হয়। ইতিমধ্যে আৰক্ষীয়ে নিচাজাতীয় টেবলেট খিনি জব্দ কৰাৰ লগতে মেঘালয়ৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

লগতে পঢ়ক : ডিমাকুছিত গছৰ ছাঁত জিৰণি লৈ থকা অৱস্থাত গছ পৰি নিহত এজন

মেঘালয়ৰ ড্ৰাগছ সৰবৰাহকাৰীজন সুখচৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক টেবলেটখিনি দিবলৈ আহিছিল। স্বাধীনতা দিৱসৰ পূৰ্বে অসম-মেঘালয় সীমান্ত আৰু ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষী আৰু বিএছএফে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলাৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰীজন কিদৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ সাহস পালে তাক লৈ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাক লৈ খাৰুৱাবান্ধা আৰক্ষী সাংবাদিকৰ আগত ৰহস্যজনকভাৱে কোনো ধৰণৰ তথ্য সদৰি কৰাৰ পৰা বিৰত থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply