শুৱালকুছি : কামৰূপ জিলাৰ শুৱালকুছিত ৰাইজৰ হাতত ধৰা পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী। নিশাৰ ভাগত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে দুই ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰী দুজনক জালত পেলাবলৈ আৰক্ষীয়ে ৰাইজৰ সহযোগত অভিযান চলাইছিল।
অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি জালত পেলাবলৈ সক্ষম হৈছে এটাৰ পিছত আনটো ড্ৰাগছ সৰবৰাহকাৰী। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এইবাৰ পূৰ্ণ সহযোগ দেখিবলৈ পোৱা গৈছে ৰাইজৰ। ৰাইজৰ সহযোগৰ ফলতে কামৰূপ জিলাৰ শুৱালকুছিত আৰক্ষীয়ে পুনৰ এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।
কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ ৰায়ৰ নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে এক অভিযান চলাই দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দেওবাৰে নিশাৰ ভাগত শুৱালকুছিত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা দুই ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে।
লগতে পঢ়ক : ভূটান গেটৰ সন্মুখত দৰঙাজুলী মণ্ডলৰ যুৱ মৰ্চাৰ উদ্যোগত ছেনিটাইজেছন কাৰ্যসূচী
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ৰামদিয়াৰ মাজৰকুছিৰ হেমন্ত ডেকা আৰু প্ৰশান্ত ডেকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা দুটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজন দীর্ঘদিন ধৰি শুৱালকুছিৰ লগতে হাজোৰ বিভিন্ন অঞ্চলত ড্ৰাগছ বিক্ৰী কৰি আহিছিল।