দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনত ভাৰত-বাংলাদেশ সীমান্তৰ ২ নং পূবেৰ গাঁৱত সোমবাৰে পুৱতি নিশা মানকাচৰ আৰক্ষী আৰু চিআৰপিএফে এক ড্ৰাগছ বিৰোধী অভিযান চলায়। এই যৌথ অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ।হয়।
এক গোপন সুত্ৰৰ ভিত্তিত পুৱতি নিশা প্ৰায় ৩ বজাত ২ নং পূবেৰ গাঁৱত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফৰ দল এটাই ড্ৰাগছৰ বিৰুদ্ধে যৌথ অভিযান চলায়। গাঁওখনৰ প্ৰয়াত আব্দুল বাতেনৰ পুত্ৰ জিয়াদুৰ ইছলাম ওৰফে গাদু ওৰফে মাঝিৰ ঘৰত চলোৱা এই অভিযানত ঘৰখনৰ পৰা ২৪৪৮ টা ডব্লিউ ওৱাই য়াবা নামৰ নিচাজাতীয় টেবলেট জব্দ কৰি আৰক্ষীয়ে জিয়াদুল ইছলামক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : তেজপুৰত আৰক্ষী জোৱানৰ পাশৱিক অত্যাচাৰত মৃত্যু বনকৰা কিশোৰীৰ
ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক হাটশিঙিমাৰী আদালতত প্ৰেৰণ কৰাত আদালতে ড্ৰাগছ।সৰবৰাহকাৰীজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে ভাৰত-বাংলাদেশ সীমান্তত মানকাচৰ আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে।