বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ গুলীত আহত হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী। গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম ফকিৰ আলী। শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল ফকিৰ আলীৰ লগতে ইনামূল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক।
নিশা বিশ্বনাথ আৰক্ষীৰ গুলীত আহত হৈছে ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজন। বিশ্বনাথ আৰক্ষীয়ে ফকিৰ আলীৰ লগত ড্ৰাগছ বিৰোধী অভিযান চলাই থকা অৱস্থাত আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰিছিল ফকিৰ আলী।
আৰক্ষীৰ কবলৰ পৰা পলায়নৰ কৰোতে আৰক্ষীয়ে ফকিৰ আলীৰ ভৰিত গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত ফকিৰ আলীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ফিকৰ অলীৰ ঘৰ বেচিমাৰীত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : আন্ত:ৰাজ্যিক সীমান্তৰ নিৰীক্ষণ চকীসমূহ সম্পূৰ্ণ কৰিবলৈ তৎপৰ
উল্লেখ্য যে শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ফকিৰ আলী আৰু ইনামূল হক নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ।