জাগীৰোড : পুনৰ আৰক্ষীৰ গুলী চালনাত আহত অপৰাধী। এইবাৰ জাগীৰোডত অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত অহাত ড্ৰাগছ মাফিয়া।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে। প্ৰতিদিনে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে জালত পৰি আছে ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়া।

ইফালে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াই আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলাই আৰক্ষীৰ গুলীত আহত হৈ আছে। শুকুৰবাৰে নিশা পুনৰ সংঘটিত হয় অনৰূপ ঘটনা।

লগতে পঢ়ক : এইবাৰ এপিডিচিএলৰ নিযুক্তিত কেলেংকাৰীৰ তদন্ত

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাহাৰুল ইছলাম নামৰ এজন ড্ৰাগছ মাফিয়াই জাগীৰোডত আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বাহাৰুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া বাহাৰুল ইছলামক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply