নগাঁও : নগাঁৱত পুনৰ ড্ৰাগছ সৰবৰাহকাৰী ওপৰত আৰক্ষীৰ গুলী চালনা। পুৱতি নিশা নগাঁৱৰ খাটোৱালত আৰক্ষীৰ গুলীত নিহত হয় খাইৰুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। খেইৰুল ইছলামৰ ঘৰ চামগুৰিৰ গেৰুৱামুখত।
ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে বিগত সময়ত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে ড্ৰাগছত অবৈধ বেহাৰ লগত জড়িত বহু লোক অসম আৰক্ষীৰ জালত পৰিছে। ৰাজ্যজুৰি অভিযান চলাই অসম আৰক্ষীয়ে জব্দ কৰিছে কেইবা কোটি টকাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব বুলি ইতিমধ্যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বেহাৰ লগত জড়িত লোক সকলক সকীয়ানি প্ৰদান কৰিছে। ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে নগাঁও জিলাত পুনৰ গুলী চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।
নগাঁও জিলৰ খাটোৱালত খাইৰুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ ওপৰত গুলী চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। খাইৰুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়।
লগতে পঢ়ক : হোজাইত মাজনিশা অগ্নিকান্ডৰ ঘটনা, লক্ষাধিক টকাৰ সা সম্পত্তি জাহ গ’ল
আৰক্ষীৰ গুলীত ড্ৰাগছ সৰবৰাহকাৰী খাইৰুল ইছলাম নিহত হয়। ইফাকে খাইৰুল ইছলামৰ আক্ৰমণত আহত হয় খাটোৱাল আৰক্ষী থানাৰ আৰক্ষী বিষয়া আলোক দত্ত গুপ্তাৰ লগতে গাড়ী চালক উৎপল বৰুৱা। আৰক্ষী বিষয়া আলোক দত্ত গুপ্তা আৰু গাড়ী চালক উৎপল বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।