ৰঙিয়া : ৰঙিয়াৰ ড্ৰাগছ সৰবৰাহকাৰী বিজেপি নেতাক দলৰ পৰা বহিস্কাৰ। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা বিজেপি নেতা প্ৰদীপ চৌধুৰীক অৱশেষত বহিস্কাৰ কৰা হ’ল বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা ৰঙিয়াৰ বিজেপি নেতা প্ৰদীপ চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিজেপি দলৰ বিধায়ক ভবেশ কলিতাৰ অতিকৈ ঘনিষ্ঠ আছিল ড্ৰাগছ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰী।
অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত শনিবাৰে ড্ৰাগছৰ অবৈধ সৰবৰাহৰ লগত জড়িত থকা বিজেপিৰ এজন নেতা জালত পৰে। কামৰূপ জিলাৰ ৰঙিয়াৰ উদিয়ানাৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত থকা বিজেপি নেতা প্ৰদীপ চৌধুৰীৰ লগতে গ্ৰেপ্তাৰ কৰে মুঠ পাঁচ জনকৈ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী বিজেপিৰ নেতা জনৰ লগতে দহৰাৰ ৰুবুল আলী, আফচাৰ আলী, জিয়াউৰ ৰহমান আৰু পিতাম্বৰ হাটবজালীৰ চাইদুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
শাসকীয় বিজেপি দলৰ নেতা তথা প্ৰাক্তন মন্ত্রী আৰু বৰ্তমানৰ ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ অতিকৈ ঘনিষ্ঠ প্ৰদীপ চৌধুৰী ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকাৰ খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতে সোমবাৰে উত্তৰ কামৰূপ জিলা বিজেপিৰ ফালৰ পৰা এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি দলৰ পৰা প্ৰদীপ চৌধুৰীক বহিস্কাৰ কৰা হয় বুলি এক সংবাদ মেলযোগে জানিবলৈ দিয়া হয়।
সংবাদ মেলত উত্তৰ কামৰূপ জিলা বিজেপিৰ উপ-সভাপতি ভাৱেশ ডেকাই সংবাদ মেলযোগে জানিবলৈ দিয়ে যে ড্ৰাগছ সৰবৰাহকাৰী ধৃত প্ৰদীপ চৌধুৰীৰ বিজেপিৰ কোনো উচ্চ পদস্ত নেতাৰ লগত সম্পৰ্ক নাই। প্ৰদীপ চৌধুৰীয়ে বিজেপি দলত ঢাল হিচাপে ব্যৱহাৰ কৰি ড্ৰাগছৰ অবৈধ বেহা চলাই আছিল বুলিও মন্তব্য প্ৰকাশ কৰে উত্তৰ কামৰূপ জিলা বিজেপিৰ উপ-সভাপতি গৰাকীয়ে।
লগতে পঢ়ক : জাগুণত অঘটন ! পুখুৰী পৰা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ ৪ জন কিশোৰ
উল্লেখ্য যে শনিবাৰে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত থানাৰ পৰা ৰঙিয়া ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰদীপ চৌধুৰী আৰু অন্য চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক নিয়াৰ পথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী পাঁচ জনক আদালতলৈ নিয়াৰ মূহুৰ্তত আৰক্ষীক বাধা প্ৰদান কৰিছিল ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইজনৰ পৰিয়ালৰ লোকে।