বৰপেটা : দীপাৱালীৰ আনন্দৰ মাজতে ৰাজ্যজুৰি অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। দীপাৱালীৰ এই সময়ছোৱাত এফালে জুৱাৰীৰ বিৰুদ্ধে, আনফালে ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। আৰক্ষীৰ অভিযানত বৰপেটা জিলাত ড্ৰাগছসহ দুজন ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ।
দীপাৱালীৰ এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই কেইবাজনো জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে আৰক্ষীয়ে নিজৰ ড্ৰাগছ বিৰোধী অভিযানো চলাই গৈছে। বৰপেটা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। বৰপেটাৰ নগাঁও-সৰ্থেবাৰীৰ পথত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী দুজনক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিত বৃহৎ গাঁও পাতিছে চীনে
বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী দুজন হৈছে জাবেদ মিঞা আৰু চাফিকুল মিঞা৷ ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা আৰক্ষীয়ে ৩০টা সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জাবেদ মিঞা আৰু চাফিকুল মিঞাই ড্ৰাগছখিনি লৈ মটৰচাইকেলত নগাঁওলৈ অহাৰ সময়ত আৰক্ষীয়ে আটক কৰে৷