গুৱাহাটীত মাজনিশা কোকেইন, ভাঙৰ ৰেভ পাৰ্টী

নিউজ ডেস্ক: গুৱাহাটীত ড্ৰাগছৰ পাৰ্টী পাতি জালত পৰিল অভিজাত পৰিয়ালৰ যুৱক-যুৱতী৷গুৱাহাটীৰ খাৰঘুলিত নিশা লতাশিল আৰক্ষীয়ে অভিযান চলাই ১৮ গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰে৷

শুকুৰবাৰে নিশা মহানগৰীৰ খাৰঘুলিৰ RIVIERA নামৰ এপাৰ্টমেন্টৰ ৩য় মহলাত থকা বিকাশ জৈনৰ ঘৰত আয়োজন কৰা হৈছিল অমৃত বৰুৱা নামৰ ব্যক্তিগৰাকীৰ জন্মদিনৰ পাৰ্টী৷ জন্মদিনৰ পাৰ্টীৰ নামত তাত মজুত কৰা হৈছিল কোকেইন–গাঞ্জাৰ দৰে বিভিন্ন নিচাসক্ত দ্ৰব্যৰ ৷
ক’ভিড প্ৰট’কল ভংগ কৰি মাজনিশালৈ আয়োজন কৰা এই পার্টীৰ তথ্য লতাশিল আৰক্ষীয়ে লাভ কৰাত পুৱতিনিশা এপাৰ্টমেণ্টত অতৰ্কিতে অভিযান চলোৱাত ঘৰটোৰ গৰাকী বিকাশ জৈনসহ ১৮ জনকৈ পুৰুষ মহিলাক আটক কৰে৷ জব্দ কৰে ৫ গ্ৰাম কোকেইন আৰু বৃহৎ পৰিমাণৰ গাঞ্জা ৷

ম কোকেইন আৰু বৃহৎ পৰিমাণৰ গাঞ্জা

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ মাজত আছে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া,অমিত পেগু, অমৃত বৰুৱা ,অশোক বৰ্মন, হিৰেন্দ্ৰ সিনহা, ৰিদিপ বৰুৱা,সিদ্ধাৰ্থ বৰঠাকুৰ,মহম্মদ ফাহাদ ফাৰী আলি,ৰাকেশ বৰগোহাঁই,দেৱযানী হাজৰিকা, জুবী বৰুৱা, নয়নিকা বেৰিয়া, নিমিশা ভূঞা, দেৱৰ্ষি বেৰিয়া।৷গ্ৰেপ্তাৰ হোৱা আটাইকেইজন সম্ভ্ৰান্ত ঘৰৰ যুৱক-যুৱক-যুৱতী বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমাণৰ নিষিদ্ধ কোকেইন আৰু গাঞ্জা৷আৰক্ষী আয়ুক্তৰ মতে, আজিলৈ গুৱাহাটীত পূৰ্বে কোকেইন পোৱা হোৱা নাছিল, এয়া পোন প্ৰথমবাৰলৈ আৰক্ষীয়ে গুৱাহাটীত কোকেইন জব্দ কৰিছে।

লগতে পঢ়ক দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পিছতো উপেক্ষিত শ্বহীদ কমলা মিৰিৰ পৰিয়াল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply