তেজপুৰঃ ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে কঠোৰতকৈয়ো কঠোৰ অসম আৰক্ষী। যদিও নিত্য নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ সাম্ৰাজ্য চলাই নিয়াৰ চেষ্টা চলাইছে তথাপিও আৰক্ষীৰ শেনচকুৰ পৰা সাৰি যাব পৰা নাই । এদিনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে বহুকেইটা সৰবৰাহকাৰী। শেহতীয়াকৈ শোণিতপুৰত আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ পাঁচটাকৈ সৰবৰাহকাৰী।
উল্লেখ্য যে, তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কলিয়াভোমোৰা দলঙৰ সমীপত আৰক্ষীৰ নাকা তালাচীত নগাঁৱৰ দিশৰ পৰা অহা এখন মটৰ চাইকেলত কঢ়িয়াই অনা বুজন পৰিমাণৰ ড্ৰাগছসহ দুটাকৈ সৰবৰাহকাৰীক আটক কৰে। ধৃত দুই সৰবৰাহকাৰী ক্ৰমে দিলদাৰ হুছেইন আৰু হাবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰী দুটাই ২৮ টা প্লাষ্টিকৰ কন্টেইনাৰত আনিছিল নিষিদ্ধ ড্ৰাগছখিনি। ড্ৰাগছৰ লগতে আৰক্ষীয়ে জব্দ কৰে এএছ ১২টি ৭২১২নম্বৰৰ মটৰ চাইকেলখন।
ইফালে মহাভৈৰৱ আৰক্ষীচকীৰ আৰক্ষীয়ে তেজপুৰ বিশ্ববিদ্যালয় সমীপৰ আমোলাপট্টী নামৰ ঠাইৰ পৰা মহম্মদ আব্দুল জলিল, ছাহজাহান আলী আৰু আব্দুল ৰহমানক নামৰ তিনিটা ব্যৱসায়ীক আটক কৰি ১৬ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।