ড্ৰাগছ মাফিয়া জিম্পী

শিৱসাগৰ নগৰত মুকলিকৈ ড্ৰাগছৰ ব্যৱসায় চলাই থকা জিম্পী ওৰফে মুস্তাক আহমেদক আকৌ আটক কৰা হৈছে। এইগৰাকী জিম্পীক কেইদিনমানৰ আগতে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছিল যদিও পিছদিনাই তেওঁক মুকলি কৰি দিছিল। জিম্পী নামৰ এই ড্ৰাগছ মাফিয়াটোৱে আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ সুযোগ লৈ দীৰ্ঘদিন ধৰি বাবুপট্টি অঞ্চলৰ পৰা ড্ৰাগছৰ ব্যৱাসায় চলাই আহিছিল ।

শিৱসাগৰৰ কেইজনমান সমাজ সচেতন যুৱকে গৌৰৱ নগৰৰ পৰা সুনিল নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীয়ে সুনিলক সোধাপোচা কৰাত তেওঁ বাবুপট্টিৰ জিম্পী এৰফে মুস্তাক আহমেদ নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ড্ৰাগছ যোগান ধৰাৰ কথা কয়। আৰক্ষীয়ে লগে লগে বাবুপট্টিৰ বৰা ৰোডত থকা জিম্পীৰ বাসগৃহত তালাচী চলায় আৰু তাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে।

দেওবাৰে শিৱসাগৰ আৰক্ষীয়ে এক অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়ী আৰু গাঞ্জা সহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। শিৰোমণি ডেকা নামৰ গাঞ্জা ব্যৱসায়ী গৰাকীৰ পৰা প্ৰায় ৪০০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।লগতে পঢ়ক তৃতীয় বাৰৰ বাবে বিয়াত বহিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply