সোণাৰি : ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো অব্যাহত আছে অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান। বিশেষকৈ জিলা সদৰ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত অব্যাহত আছে এই অভিযান।
বিগত কেইটামান দিনত বহু কেইটা অভিযানত বুজন পৰিমাণৰ ব্ৰাউন তথা গাঞ্জা উদ্ধাৰ কৰাৰ পাছত আজি পুনৰ অবৈধ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। নামতোলা আৰক্ষীৰ এক অভিযানত ১৩৬ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰা হয়।
দুটা চাবোন বাকচৰ পৰা উদ্ধাৰ কৰা ব্ৰাউন চুগাৰ খিনি সৰবৰাহত জড়িত থকা আব্দুল জলিল আহমেদ, জয়গুন নিছা আৰু জুবেদা খাতুন নামৰ তিনি গৰাকী লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। আটকাধীন তিনিওজনকে নামতোলা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে অধিক তথ্যৰ বাবে।