নিউজ ডেস্কঃ ৰাজ্যত অব্যাহত ড্ৰাগছৰ চোৰাং বেহা। সোণাৰিৰ নামতোলাত পুনৰ জব্দ হ’ল বুজন পৰিমাণৰ গাঞ্জা। চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাউকাক চাহ বাগিচাত উদ্ধাৰ কৰা হয় গাঞ্জাখিনি।

নাগালেণ্ডৰ পৰা নামতোলা হৈ সৰবৰাহ কৰোঁতে এজন নগা যুৱকৰ পৰা স্থানীয় আটছা আৰু আছা কৰ্মীয়ে এখন স্কুটীসহ উদ্ধাৰ কৰে পাঁচ কিলোগ্ৰামৰ অধিক গাঞ্জা।

লগতে পঢ়কঃগোৰেশ্বৰৰ গাছবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! আহত দুজন

পৰৱৰ্তী সময়ত সংগঠন দুটাৰ কৰ্মীয়ে নামতোলা আৰক্ষীক চমজাই দিয়ে গাঞ্জা সৰবৰাহকাৰী লোকজনক। নগা যুৱকজন চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী নিমনাগড় অঞ্চলৰ আময়ং কন্যাক বুলি জানিব পৰা গৈছে। ধৃত নগা যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে নামতোলা আৰক্ষী থানাত ০৭/২২ নম্বৰত গোচৰ ৰুজু কৰি 20(b) II(B)NDPS act 1985ৰ অধীনত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, সোণাৰিৰ নামতোলা অঞ্চলটো নিষিদ্ধ ড্ৰাগছ-গাঞ্জা আদিৰ অবৈধ ঘাটিত পৰিণত হোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছিল। তেনে সময়তে আজি নামতোলা অঞ্চলত পুনৰ গাঞ্জাসহ সৰবৰাহকাৰী উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

কৰিমগঞ্জৰ লংগাই ৰোডত আৰক্ষীয়ে জব্দ কৰে ১০০০টা ইয়াবা টেবলেট। সুমন ৰয় নামৰ এজন লোকৰ বাইকৰ পৰা জব্দ নিচাজাতীয় টেবলেটখিনি।

ইফালে ভাংগা নন্দপুৰ এলেকাত BSFয়ে অভিযান চলাই জব্দ কৰে ডেৰ কিল’গ্ৰাম গাঞ্জা, ১৬৪০টা ইয়াবা টেবলেট।আব্দুল শুকুৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোকো আৰক্ষীয়ে আটক কৰে।

কাৰ্বিআংলং জিলাৰ চিলনীজানত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। পানীকা বস্তিৰ এঘৰৰ পৰা ড্ৰাগছসহ আটক কৰিছে ভীমা পানীকা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী।
শান্তিপুৰ বৰপথাৰ থানাৰ OC দীপেন বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান।
লগতে আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছসহ ১১টা কণ্টেইনাৰ, ৩৯ হাজাৰ টকা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply