মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী দিয়াৰা বজাৰৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। এক গোপন খবৰৰ ভিত্তিত মানকাচৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে যৌথভাৱে ভাৰত-বাংলাদেশ সীমান্তবৰ্তী দিয়াৰা বজাৰত অভিযান চলায়।
যুৱক এজনে মটৰ চাইকেল লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে যুৱক জনক আটক কৰি তালাচি চলোৱাত যুৱকজনৰ পৰা ২০০০ টা নিচাজাতীয় যুৱা টেবলেট উদ্ধাৰ হয়। লগে লগে টেবলেটখিনি জব্দ কৰাৰ লগতে যুৱক জনক আটক কৰি জেৰাৰ অন্তত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন টানগাঁও গাঁৱৰ পুনৰুদ্দিন শেখৰ পুত্ৰ আজাদ আলী বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : ক’ভিড টেষ্ট নকৰাকৈয়ে জাগীৰোড ৰে’লেৱ ষ্টেচনৰ পৰা পলায়ন প্ৰায় ৪ শতাধিক ৰে’লযাত্ৰী
জানিব পৰা মতে যুৱকজন দীৰ্ঘদিনৰ পৰা মানকাচৰৰ বিভিন্ন প্ৰান্তৰ লগতে বাংলাদেশত টেবলেট সৰবৰাহ কৰি আহিছে। যুৱকজনে চলাই অহা এ-এছ-১৭-কে-৩৬১৩ নম্বৰৰ মটৰ চাইকেলখনো জব্দ আৰক্ষীয়ে কৰিছে বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিছে। মানকাচৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্রতৰ হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দি এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতাৰ কামনা কৰিছে।