নগাঁও : বটদ্ৰৱাত গৃহৰক্ষী জোৱানৰ গৃহৰ পৰা জব্দ ড্ৰাগছ। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলিছিল অভিযান। গৃহৰক্ষী জোৱান মজিবুৰ ৰহমানৰ গৃহৰ পৰা ড্ৰাগছৰ লগতে জব্দ সজীৱ গুলী উদ্ধাৰ।
নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই এজন গৃহৰক্ষী জোৱানৰ গৃহৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে অভিযানতকালত গৃহৰক্ষী জোৱানজনৰ গৃহৰ পৰা সজীৱ গুলীও উদ্ধাৰ কৰে।
লগতে পঢ়ক : তিৱা জনজাতিৰ লোকসকলৰ ‘ৱানছ্যুৱা’ উৎসৱৰ সফল সামৰণি
আৰক্ষীয়ে বটদ্ৰৱাৰ ধনীয়াভেটিৰ চৌৰাপাৰাস্থিত গৃহৰক্ষী জোৱান মজিবুৰ ৰহমানৰ গৃহত চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। মজিবুৰ ৰহমান নামৰ গৃহৰক্ষী জোৱানজন দীর্ঘদিন ধৰি ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।