ডিফু : ৰাজ্যজুৰি ড্ৰাগছৰ অবাধ সৰবৰাহৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে চোকা দৃষ্টি ৰখাৰ সময়তে চুবুৰীয়া ৰাজ্যসমুহৰ পৰা কাৰ্বি আংলংৰ মাজেৰে চলা নৈশ বাছ সমূহ নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অন্যতম মাধ্যমৰূপে পৰিগণিত হৈছে৷ কিছুদিন পূৰ্বেই জিলাখানৰ ডিলাই আৰক্ষীয়ে এখন নৈশ বাছত অভিযান চলাই বাৰ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজনকৈ কুখ্যাত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। অসম আৰক্ষীৰ এই সাফল্যৰ আঁৰত সততাৰে কাম কৰাৰ বাবে এজন হোমগাৰ্ডে ৰাজ্যজুৰি প্ৰশংসাৰ পাত্ৰ হৈছিল।

ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান অধিক তীব্ৰতাৰে চলি থকা এই সময়ছোৱাত অসম-নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানত পুনৰ এখন নৈশ বাছত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। নৈশ বাছত আৰক্ষীয়ে তালাচী চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হে’ৰইন জব্দ কৰাৰ লগতে তিনিজনকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ডিলাই থানাৰ অন্তৰ্গত লাহৰিজানত টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জল গগৈৰ নেতৃত্বত আৰক্ষীৰ দল এটাই লাহৰিজান অঞ্চলত অভিযান চলাই এমএন-০১-১৮৩৮ নম্বৰৰ এখন নৈশ বাছত থকা কোৰিয়াৰ সামগ্ৰীৰ এটা টোপোলাৰ ভিতৰৰ এটা কাৰ্টুনত লুকুৱাই অনা অৱস্থাত চাৰিটা চাবোনৰ বাকচৰ পৰা চাৰিশ তিনি গ্ৰাম হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়৷

লগতে পঢ়ক : পুনৰ অপৰাধীক উদ্দেশ্যি অসম আৰক্ষীৰ গুলী চালনা : নিহত কানৱালদ্বীপ সিঙ

এই সন্দৰ্ভত আৰক্ষীয়ে বাছখনৰ দুজন চালক ক্ৰমে, মণিপুৰৰ সুৰেশ খান, লৌৰেবাম শ্বামু সিঙ আৰু বাছখনৰ কৰ্মচাৰী বিছাবা উদ্দিনক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷ পৰৱৰ্তী সময়ত বাছখনত পুণৰ তালাচী চলোৱাত এটা ইলেক্ট্ৰিক হিটাৰৰ ভিতৰত লুকুৱাই অনা অৱস্থাত ২০ টাকৈ চাবোনৰ বাকছৰ ভিতৰত আৰক্ষীয়ে ২৫৭’২০ গ্ৰাম হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়৷ ইয়াকেলৈ নৈশ বাছখনৰ পৰা মুঠ ৬৫৮’১৩ গ্ৰাম সন্দেহযুক্ত হে’ৰইন জব্দ কৰা হয়৷ নিষিদ্ধ হে’ৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মুল্য কমেও চাৰি কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply