মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধ অভিযান অব্যাহত ৰাখিছে। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাস( আই পি এছ) আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বত আজি মাৰ্ঘেৰিটা চাংলং তিনিআলিত অভিযান চলাই ২৩ গ্ৰাম নিষিদ্ধ হৰোইন ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত দিপক মণ্ডল আৰু জয়প্ৰকাশ মণ্ডলে দীৰ্ঘ দিন ধৰি ড্ৰাগছৰ বেহা চলাই অহাৰ তথ্য পোৱা গৈছে। ইয়াৰে দীপক মণ্ডল প্ৰায় এবছৰ পূৰ্বে ড্ৰাগছ বেহা লগত জড়িত থকাৰ অপৰাধত ৰঙা ঘৰলৈ গৈছিল।
জেল হাজোতৰ পৰা কিছুদিন পূৰ্বে মুকলি হৈ পুনৰ এই বেহাৰ লগত জড়িত হৈ পৰাৰ আৰক্ষীয়ে বিশেষ সূত্ৰে তথ্য লাভ কৰি আজি অভিযান চলাই দুইওকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ২ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃই দুই জয়প্ৰকাশ আৰু দীপকক জেৰা অব্যাহতি ৰাখিছে। উল্লেখ যে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাস( আই পি এছ) আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বই ইতিমধ্যেই কেইবালাখ টকাৰ ড্ৰাগছ আৰু বহুকেইজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি জেল হোজতলৈ প্ৰেৰণ কৰে।
স্থানীয় সচেতন মহলে মাৰ্ঘেৰিটা আৰক্ষীক ভূয়সী প্ৰশংসা কৰিছে। এইক্ষেত্ৰত মাৰ্ঘেৰিটা আৰক্ষীয়ে অধিক অভিযান চলাবলৈ সক্ষম হ’ব বুলি আশা কৰিছে ব্যক্ত কৰিছে সচেতন মহলে।