ড্ৰাগছবিৰোধী অভিযান

ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে মহানগৰ আৰক্ষীৰ ৷ মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ সহযোগত গড়চুক আৰক্ষীয়ে প্রায় ৫০ কিলোগ্রাম গাঞ্জাসহ এজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷ ধৃত গাঞ্জা ব্যৱসায়ীজন দ্বীপেন বড়ো বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে ব্যৱসায়ীজনে গড়চুকৰ মইনাখোৰঙৰ এটা পৰিত্যক্ত গুদামত ব্যৱসায়ী বড়োৱে গাঞ্জাখিনি বস্তাত ভৰাই ৰাখিছিল৷ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গোপন সূত্রৰ পমখেদি গাঞ্জাসহ ব্যৱসায়ীজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গড়চুক থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা বুলি জানিব পৰা গৈছে৷

নগাঁৱৰ চামগুৰিত ড্ৰাগছবিৰোধী অভিযানপশ্চিম মোৱামাৰীত ৩০ গ্ৰাম হেৰ’ইন, সক্ৰিয় গুলী জব্দ ৷

আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ লওঁতে ব্যৱহাৰ কৰা ১১টা ছিৰিঞ্জ, ৪টা ম’বাইল ৷

পশ্চিম মোৱামাৰীৰ ৰহমত আলী নামৰ লোকজনৰ ঘৰত অভিযান ৷

আৰক্ষীয়ে ড্ৰাগছখিনিৰ সৈতে গ্ৰেপ্তাৰ কৰে ৭ জন লোকক ৷

নগাঁৱৰ SPৰ নিৰ্দেশত অতিৰিক্ত SP নিৰূপম হাজৰিকাৰ নেতৃত্বত অভিযান ৷

বঙাইগাঁৱৰ অভয়াপুৰীত আৰক্ষীৰ অভিযান ৷

বড়ীগাঁৱত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ২ গাঞ্জা বেপাৰী ৷ ধৃত মেহবুব আলম, আলতাফ নামৰ দুই বেপাৰী, বৃহত্‍ পৰিমাণৰ গাঞ্জা জব্দ দুই বেপাৰীৰ পৰা দীৰ্ঘদিন ধৰি অঞ্চলটোত গাঞ্জাৰ বেহা চলাই আহিছিল দুয়ো ৷

লখিমপুৰৰ বঙালমৰাত হেৰ’ইন জব্দ ৷ আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছখিনি ৷
গ্ৰেপ্তাৰ নিজামুদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰী ৷ বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষীৰ যৌথ অভিযান
বঙালমৰাৰ সোণাপুৰ নামৰ স্থানত অভিযান আৰক্ষীৰ ৷

লগতে পঢ়ক আজি বিশ্ব চাইকেল দিৱস, টীয়কতো উদযাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply