বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছি বজাৰৰ সমীপৰ কুৰিহা গাঁৱৰ ৰহিমুদ্দিনৰ ঘৰৰ পৰা যোৱা কালি সন্ধিয়া ৰহিমুদ্দিন খলিফাৰ লগতে ৭জনকৈ গাঞ্জা আৰু ড্ৰাগছ সেৱন কাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

কাসন্ধিয়া ৮ মান বজাত বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলে আৰু কয়াকুছি আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিজু কুমাৰ নাথৰ যৌথ প্ৰচেষ্টাত আৰক্ষীয়ে এক অভিযান চলাই ৭জনকৈ ড্ৰাগছ সেৱন কাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

 বৰপেটা জিলাৰ কয়াকুছি বজাৰৰ সমীপৰ ৰহিমুদ্দিনৰ ঘৰত গাঞ্জা ব্যৱসায় চলি থকা বুলি এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধিয়া আৰক্ষীয়ে ধৃত ব্যক্তি কেইজনৰ পৰা কিছু সংখ্যক নিচাযুক্ত টেবলেট আৰু প্ৰায় ১কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

আৰক্ষীয়ে আটক কৰা নিচাযুক্ত দ্ৰব্য সেৱন কৰা ব্যক্তি কেইজন হল-কুৰিহাৰ ৰহিমুদ্দিন খলিফা (৩৬), ময়নুল হক (৩২), আব্দুল মান্নান (৪০),ভৌকামাৰীৰ ছানিদুল ইছলাম (২৯) বনবাহাৰৰ মকিবুল হক (২৮),আলতাব হুছেইন (৩৬) আৰু মনিৰুল ইছলাম (৩৪) ৷

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী থানাত এটি গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি বৰপেটা সদৰ থানাৰ আৰক্ষীৰ উদ্যোগত আৰু কয়াকুছি আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ সম্প্ৰতি এনে পদক্ষেপক স্থানীয় ৰাইজে শলাগ লয় যদিও কয়াকুছিৰ পৰা লটাৰী খেল কেতিয়া উৎখাত হব সেই লৈ সচেতমহলত চৰ্চিত হৈছে।

লগতে পঢ়ক- সোণাৰি আৰু মৰাণ পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply