বোকাজান মহকুমাৰ দিলাই আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজান প্ৰহৰা আৰক্ষীৰ নাকা তালাচীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু
ডিলাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লুৎফুৰ ৰহমান,
লাহৰিজানৰ দেৱ প্ৰতিম কোঁৱৰ,আৰু বোকাজান CRPF বাহিনীৰ সহযোগত লাহৰিজানত আৰক্ষী নাকা পইণ্টত চলোৱা তালাচীত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিষিদ্ধ ড্ৰাগছ খিনি।

কাৰ্বিআংলং আৰক্ষীয়ে ডিমাপুৰৰ দিশৰপৰা আহি থকা NL-01AA-5840 নম্বৰৰ এখন ট্ৰাকৰ পৰা ১১০ টা চাবোনৰ বাকচত জব্দ কৰিবলৈ সক্ষম হয় উক্ত ড্ৰাগছখিনি ।

ইতিমধ্যে ডিলাই আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত মণিপুৰৰ kangpoi আৰক্ষী চকীৰ অন্তৰ্গত দেবী প্ৰসাদ চৌহানৰ পুত্ৰ দীপক চেত্ৰী নামৰ (২৬)এজন চালক ৰূপী সৰবৰাহকাৰীক আটক কৰিছে।

ডিলাই আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন ১.৫ কেজি হোৱাৰ বিপৰীতে জব্দকৃত ড্ৰাগছ খিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য ১০ কোটিৰো অধিক হব বুলি জানিবলৈ দিয়ে।

অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰীটোক ডিলাই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক-ভোগালী বিহুক লৈ সান্ধ্য আইনত শিথিলতা,নিশা ১১ বজাৰ পৰা ৪ বজালৈ সান্ধ্য আইন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply