ড্ৰাগছ সহ এজনক আটক

ছয়গাঁও : অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে নিতৌ অভিযান চলাই আছে ছয়গাঁও আৰক্ষীয়ে ৷ বিগত দিনকেইটাত ছয়গাঁও আৰক্ষীয়ে কেইবাটাও সফল অভিযান চলাই বহুসংখ্যক ড্ৰাগছ,সুৰা,গাঞ্জা,চোৰাং গৰু আদি জব্দ কৰাৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

সোমবাৰে বিয়লি ছয়গাঁও আৰক্ষীৰ এটি দলে গৰৈমাৰীৰ কালাতলী পথাৰত এক অভিযান চলাই এগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰাক লগতে ড্ৰাগছ জব্দ কৰে ৷

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানটোত কালাতলী পথাৰৰ ড্ৰাগছ ব্যৱসায়ী আমিৰ হামজাক আটক কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰৰ পৰা ২৫.৯ গ্ৰাম তথা ১৯ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷

লগতে পঢ়ক শিক্ষানুষ্ঠানৰ বাবে নতুন SOP ঘোষণা নকৰে চৰকাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply