সমগ্ৰ নগাঁও জিলাত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে চলি থকা আৰক্ষীৰ অভিযান এতিয়াও তীব্ৰতৰ হৈ আছে ৷
শেহতীয়াকৈ ধিং আৰক্ষীয়ে অভিযান চলাই নিজধিঙৰ নজৰ ফকিৰৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছৰ বহু কন্টেইনাৰ আৰু গাঞ্জা জব্দ কৰে। অভিযানত আৰক্ষীয়ে জব্দ কৰে ১১০৫০ টকা নগদ ধন৷
আৰক্ষীয়ে এই ব্যৱসায়ৰ লগত জড়িত বিবি চুনোফা ফকিৰক গ্ৰেপ্তাৰ কৰে৷
চুনোফা ফকিৰৰ স্বামী নজৰ ফকিৰে দীৰ্ঘদিনে নিজধিং অঞ্চলত চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ বেহা৷
নজৰ ফকিৰৰ পত্নীক আৰক্ষীয়ে আটক কৰিছে যদিও মূল অভিযুক্ত নজৰ ফকিৰক বৰ্তমানেও আটক কৰিব পৰা নাই৷
লগতে পঢ়ক হোজাই জিলাৰ গণীপুৰৰ অবৈধ গো-মাংসৰ দোকানৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ