গুৱাহাটীত আকৌ উদ্ধাৰ হ’ল বিলাসী ড্ৰাগছ কোকেইন ।
ক্ৰাইম ব্ৰান্সৰ অভিযানত দুই নাইজেৰিয়ানৰ পৰা জব্দ কৰে ২০ গ্ৰাম কোকেইন ।

দিল্লীৰ পৰা ৰেলেৰে আহিছিল ইমানুৱেল এনুমা ডাইক (Emmanuel Enuma Dike) আৰু ইফিনি চাৰ্লচ অকোৱাকাজ (Ifeanyi Charles Okuakaj) নামৰ দুই নাইজেৰিয়ান

ৰাজধানী এক্সপ্ৰেছেৰে শ্বিলঙলৈ সৰবৰাহ কৰাৰ কথা আছিল কোকেইন খিনি

গুৱাহাটী ৰেলৱে ষ্টেচনত যুটীয়া আৰক্ষী আয়ুক্ত পাৰথ সাৰথি মহন্তৰ নেতৃত্বত ক্ৰাইম ব্ৰান্সে অভিযান
হাটে লুটে গ্ৰেপ্তাৰ কৰে নাইজেৰিয়ান দুটাক

ইফিনি চাৰ্লচ অকোৱাকাজ (Ifeanyi Charles Okuakaj)নামৰ নাইজেৰিয়ানটোৰ পৰা আৰক্ষী লাভ কৰা নাই ভিজা ।

অবৈধ পানকাৰ্ড আৰু ভিজাৰে দীৰ্ঘদিন ধৰি দেশত সৰবৰাহৰ তথ্য লাভ আৰক্ষীৰ ।

বহু সম্ভ্ৰান্ত ঘৰৰ লোকে সেৱন কৰে এই কোকেইন ।

দুই নাইজেৰিয়ানক জিম্মাত লৈ তালিকা প্ৰস্তুত কৰিব ক্ৰাইম ব্ৰান্সে।

অতি শীঘ্ৰে জালত পৰিব পাৰে ৰাজ্যৰ বহু সম্ভ্ৰান্ত ঘৰৰ লোক।
ইয়াৰ পূৰ্বেও মহানগৰীৰ বিলাসী ৰৃেভ পাৰ্টিত উদ্ধাৰ হৈছিল কোকেইন।

সেই সময়ত বহুতো সম্ভ্ৰান্ত ঘৰৰ লোকৰ প্ৰকৃত ৰূপটো ৰাইজে দেখা পাইছিল।

লগতে পঢ়ক- অৱশেষত নগা উগ্ৰপন্থী সংগঠনে ভাৰত-ম্যানমাৰ সীমান্তত মুকলি কৰি দিলে হীৰেন কোঁচক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply