হোজাইত ব্ৰাউন ছুগাৰ

হোজাই: হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম ছাহাপট্টী চুইটী হোটেলৰ ওচৰৰ পৰা জব্দ কৰিছে ব্ৰাউন চুগাৰ। অভিযানত জব্দ কৰে প্ৰায় ১৪ টা কন্টেইনাৰ। এই ঘটনা সংক্ৰান্তত হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি জন যুবকক | তেওলোক হ’ল দ্বীপ দাস,নিৰঞ্জন সেন আৰু চটু দে। এই ব্ৰাউন চুগাৰ খিনি মূল্য প্ৰায় ২৫ হাজাৰ টকা বুলি জানিব দিয়ে।

আটক যুবক তিনি জনৰ পৰা এখন পালছাৰ বাইক AS 01BM 6757 আৰু এখন মাৰুটি ছুজুকি AS 02 S 33 81 গাড়ী দুখন জব্দ কৰে।

হোজাই আৰক্ষীয়ে তিনি জনকে থানাত জেৰা চলাই আছে৷তেওঁলোকৰ লগত এটা বৃহৎ গ্ৰেং জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিৰ পৰা চাৰি পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰা হৈছে | আনহাতে ডিমাপুৰৰ পৰা ডবকালৈ আহি থকা সময়ত মোৰাঝাৰৰ আব্দুল কাদিৰ জিলানী নামৰ এজনক চাৰি পেকেট ব্ৰাউন ছুগাৰ সহ আটক কৰিছে ।

আনহাতে হোজাই আৰক্ষীয়ে প্ৰকাশ কৰা মতে মোৰাঝাৰৰ তাহেৰুদ্দিন মজুমদাৰৰ মজুমদাৰ ড্ৰাগছ ড্ৰিষ্টিবিউটত অবৈধ ভাবে বহু পৰিমানৰ Spsphen নামৰ ঔষধ বিধৰ মজুত পোৱা গৈছে ।

লগতে পঢ়ক সীমান্ত অঞ্চলত বসবাস কৰা সকলক মাটিৰ পট্টা দিবলৈ আহ্বান অখিল গগৈৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply