গুৱাহাটী : যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন ড্ৰাগছ সৰবৰাহকাৰীক। ১২ গ্ৰাম ব্ৰাউন ছুগাৰসহ অৰুণাচলৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিলে যোৰাবাট আৰক্ষীয়ে। শ্বিলঙৰ পৰা ব্ৰাউন ছুগাৰখিনি লৈ আহিছিল যুৱকজনে।
মহানগৰী গুৱাহাটীৰ যোৰাবাট আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। যোৰাবাট আৰক্ষী বিষয়া কপিল পাঠকে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ১২ গ্ৰাম ব্ৰাউন ছুগাৰসহ অৰুণাচলৰ মাৰ্কনি ৰিবা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।
ধৃত যুৱকজনে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা ব্ৰাউন ছুগাৰখিনি লৈ গুৱাহাটী অভিমুখে আহি আছিল। যোৰাবাট আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক- নগাঁও ভোগালী বিহু উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা