ড্ৰাগছ বিৰোধী অভিযান

পুৰণা লাহৰীজান তহলদাৰী আৰক্ষী চকীৰ এছ আই লুটফুৰ ৰহমান নেতৃত্বত হোৱা এক তালাচীত জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

মনিপুৰৰ পৰা অহা এখন নৈশ বাছত তালাচী চলাই উক্ত ড্ৰাগছ সমুহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

বাছখনৰ নম্বৰ AR-20-2700 অতি কৌশলেৰে দুটা চাউলৰ বেগত লৈ অনা হৈছিল উক্ত ড্ৰাগছ সমুহ।

৪৮ টা চাবোনৰ বাকচত প্ৰায় ৫৮৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে।

জব্দ কৰা উক্ত ড্ৰাগছ সমুহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মুল্য প্ৰায় ৪ (চাৰি) কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উক্ত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

আটকাধীন ধৃত লোক দুজন হৈছে মনিপুৰৰ আইৰেং বাম কুকিল আৰু আইৰেং বাম বাবু সিং।

বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত উক্ত ড্ৰাগছ সমুহ জব্দ কৰে।

লগতে পঢ়ক-অসমৰ জলপৰী আস্থা চৌধুৰীৰ অভিলেখ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply