লখিমপুৰ জিলাৰ পথালি পাহাৰত যোৱা নিশা বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰাৰ নেতৃত্বত চলা এক অভিযানত নগাঁৱৰ পৰা অহা দুখন বিলাসী বাহনৰ পৰা কেইবা লক্ষাধিক টকা মুল্যৰ ড্ৰাগছ, সহ দুজনক আটক কৰিছে ।
বিশেষ সুত্ৰৰ পম খেদি বিহপুৰীয়া আৰক্ষী পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলা অভিযানত দহটা চাবোনৰ বাকচত কঢ়িয়াই অনা সন্দেহ জনক হেৰ’ইন, AS 03M 4308 নম্বৰৰ চুইফট ডিজায়াৰ, আৰু এখন হোন্দাই বিলাসী বাহন সহ নগাঁৱৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়